• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শেষ মুহূৰ্তৰ গ’লেৰে নেদাৰলেণ্ডক হৰুৱাই ইউৰোৰ ফাইনেলত ইংলেণ্ড; সন্মুখত লেমিনৰ স্পেইন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2024 11:01 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউৰো কাপৰ ফাইনেলত প্ৰৱেশ কৰিছে ইংলেণ্ডে। ছেমি ফাইনেলত ইংলেণ্ডে নেদাৰলেণ্ডক ২-১ গ’লত পৰাস্ত কৰে। অৱশ্যে খেলখনৰ আৰম্ভণিতে ডাচ দলটোৱে অগ্ৰগতি লাভ কৰিছিল যদিও সেই অগ্ৰগতি ধৰি ৰাখিব নোৱাৰিলে নেদাৰলেণ্ডে। চাৰি বছৰৰ পাছত ইংলেণ্ডে পুনৰ ডাঙৰ প্ৰতিযোগিতাত চেম্পিয়ন হোৱাৰ সুযোগ লাভ কৰিছে।

ইংলেণ্ডে শেহতীয়াকৈ হাই প্ৰফাইল দল গঢ়িও ট্ৰফী লাভ কৰাত ব্যৰ্থ হৈছে। এই বছৰ স্পেইনতকৈ তেওঁলোকৰ ফাইনেললৈ যোৱাৰ পথ অলপ সহজ আছিল। ফলত হেৰী কেন, বুকায়ো ছাকাৰাৰ দলটোৱে ফাইনেলত স্পেইনক পৰাস্ত কৰিব পাৰিলেই ইউৰোপীয় চেম্পিয়নশ্বিপ লাভ কৰিব।

যোৱাবাৰো গেৰেথ চাউথগেটৰ প্ৰশিক্ষণৰ অধীনত ইংলেণ্ডে ইউৰো কাপৰ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও ট্ৰফী লাভ কৰিব পৰা নাছিল। এইবাৰ ব্যৰ্থতা অঁতৰাই ট্ৰফী জয়ৰ সুযোগ পাইছে।

Apply Now

লগতে পঢ়কঃ গুৱাহাটীত আটক “ভুৱা চিকিৎসক”, বছৰ বছৰ ধৰি চলাই আহিছিল ক্লিনিক

খেলখনৰ ৮ মিনিটত ছিমনে নেদাৰলেণ্ডক অগ্ৰগতি প্ৰদান কৰে। তেওঁ এটা আচৰিত শ্বটেৰে টপ কৰ্ণাৰত বল ৰাখি দলটোক আগুৱাই লৈ গ’ল। আগবাঢ়ি যোৱাৰ পিছতো অৱশ্যে ভ্যান জিকৰ দলৰ খেলত জড়তা আছিল। তাৰ সুবিধা ল’লে ইংলেণ্ডে।

খেলৰ ১৮ মিনিটত ডাচ ডিফেণ্ডাৰ ডামফ্ৰাইছে হেৰী কেনক ৰখাব নোৱাৰি ফাউল কৰে, ফলত ইংলেণ্ড দলে বক্সৰ ভিতৰত কৰা ফাউলৰ বাবে পেনাল্টি লাভ কৰে। জাৰ্মানীত ক্লাব ফুটবল খেলা ইংৰাজী ষ্ট্ৰাইকাৰ হেৰী কেনে কোনো ভুল নকৰি স্পট কিকৰ পৰা গ’ল দি স্ক’ৰলাইন ১-১ কৰে। তেতিয়া খেলখন ৰোমাঞ্চকৰ হৈ পৰে। দুয়োটা দলে কিছু পৰিমাণে ৰক্ষণাত্মক ফুটবল খেলিবলৈ আৰম্ভ কৰিছিল যদিও বলৰ পজিছন আৰু শ্বটৰ ক্ষেত্ৰত গেৰেথ চাউথগেটৰ দলটো আগবাঢ়ি আছিল।

খেলখনৰ ৮৯ মিনিটলৈকে স্ক’ৰলাইন ১-১ আছিল। ডৰ্টমুণ্ডৰ ঘৰুৱা খেলপথাৰত যেতিয়া সকলোৱে ধৰি লৈছিল যে মেচখন অতিৰিক্ত সময়লৈ যাব, তেতিয়াই ক্লাইমেক্স আহিল। খেলখন শেষ হোৱাৰ কেইমিনিটমান পূৰ্বে অলি ৱাটকিন্সে গ’ল দি ইংলেণ্ডক অগ্ৰগতি প্ৰদান কৰে। ৯০ মিনিটত গ’ল খাই নেদাৰলেণ্ডৰ বাবে প্ৰত্যাৱৰ্তন কৰাটো অতি কঠিন হৈ পৰিছিল। শেষত ডাচ দলটোৱে মেচখনত ২-১ গ’লত পৰাস্ত হৈ ইউৰো এৰিলে।

লগতে পঢ়কঃ ডিগবৈৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ ওপৰত খহি পৰিল শ্ৰেণীকোঠাৰ ফেন, আহত দুই চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

ইংলেণ্ডৰ প্ৰশিক্ষকে ৱাটকিন্সক অন্তিম মুহূৰ্তত আনি মেচখনৰ আক্ৰমণ বৃদ্ধি কৰিছিল। কাৰণ আগতে বহুবাৰ দেখা গৈছে যে ইংলেণ্ডৰ টাইব্ৰেকাৰত ভাগ্যই কোনো সহায় কৰা নাই। সেই কৌশলে কাম কৰাৰ লগে লগে ইউৰোৰ ফাইনেলত প্ৰৱেশ কৰে থ্ৰী লায়ন্সে।

দেওবাৰে নিশা ফাইনেলত স্পেইনৰ বিৰুদ্ধে খেলিব ইংলেণ্ডে। ইংলেণ্ডৰ বাবে ট্ৰফীৰ ব্যৰ্থতা ভাঙিবলৈ এয়া এক সোণালী সুযোগ। অৱশ্যে কোৱা বাহুল্য যে ভাল ফৰ্মত থকা লেমিন ইয়ামাল আৰু অলমো বাহিনীৰ বিৰুদ্ধে ইংলেণ্ড দলৰ কাম সহজ নহ’ব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd