• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শেষ মুহূৰ্তৰ গ’লেৰে নেদাৰলেণ্ডক হৰুৱাই ইউৰোৰ ফাইনেলত ইংলেণ্ড; সন্মুখত লেমিনৰ স্পেইন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2024 11:01 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

555
VIEWS
Share on FacebookShare on Twitter

ইউৰো কাপৰ ফাইনেলত প্ৰৱেশ কৰিছে ইংলেণ্ডে। ছেমি ফাইনেলত ইংলেণ্ডে নেদাৰলেণ্ডক ২-১ গ’লত পৰাস্ত কৰে। অৱশ্যে খেলখনৰ আৰম্ভণিতে ডাচ দলটোৱে অগ্ৰগতি লাভ কৰিছিল যদিও সেই অগ্ৰগতি ধৰি ৰাখিব নোৱাৰিলে নেদাৰলেণ্ডে। চাৰি বছৰৰ পাছত ইংলেণ্ডে পুনৰ ডাঙৰ প্ৰতিযোগিতাত চেম্পিয়ন হোৱাৰ সুযোগ লাভ কৰিছে।

ইংলেণ্ডে শেহতীয়াকৈ হাই প্ৰফাইল দল গঢ়িও ট্ৰফী লাভ কৰাত ব্যৰ্থ হৈছে। এই বছৰ স্পেইনতকৈ তেওঁলোকৰ ফাইনেললৈ যোৱাৰ পথ অলপ সহজ আছিল। ফলত হেৰী কেন, বুকায়ো ছাকাৰাৰ দলটোৱে ফাইনেলত স্পেইনক পৰাস্ত কৰিব পাৰিলেই ইউৰোপীয় চেম্পিয়নশ্বিপ লাভ কৰিব।

যোৱাবাৰো গেৰেথ চাউথগেটৰ প্ৰশিক্ষণৰ অধীনত ইংলেণ্ডে ইউৰো কাপৰ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও ট্ৰফী লাভ কৰিব পৰা নাছিল। এইবাৰ ব্যৰ্থতা অঁতৰাই ট্ৰফী জয়ৰ সুযোগ পাইছে।

লগতে পঢ়কঃ গুৱাহাটীত আটক “ভুৱা চিকিৎসক”, বছৰ বছৰ ধৰি চলাই আহিছিল ক্লিনিক

খেলখনৰ ৮ মিনিটত ছিমনে নেদাৰলেণ্ডক অগ্ৰগতি প্ৰদান কৰে। তেওঁ এটা আচৰিত শ্বটেৰে টপ কৰ্ণাৰত বল ৰাখি দলটোক আগুৱাই লৈ গ’ল। আগবাঢ়ি যোৱাৰ পিছতো অৱশ্যে ভ্যান জিকৰ দলৰ খেলত জড়তা আছিল। তাৰ সুবিধা ল’লে ইংলেণ্ডে।

খেলৰ ১৮ মিনিটত ডাচ ডিফেণ্ডাৰ ডামফ্ৰাইছে হেৰী কেনক ৰখাব নোৱাৰি ফাউল কৰে, ফলত ইংলেণ্ড দলে বক্সৰ ভিতৰত কৰা ফাউলৰ বাবে পেনাল্টি লাভ কৰে। জাৰ্মানীত ক্লাব ফুটবল খেলা ইংৰাজী ষ্ট্ৰাইকাৰ হেৰী কেনে কোনো ভুল নকৰি স্পট কিকৰ পৰা গ’ল দি স্ক’ৰলাইন ১-১ কৰে। তেতিয়া খেলখন ৰোমাঞ্চকৰ হৈ পৰে। দুয়োটা দলে কিছু পৰিমাণে ৰক্ষণাত্মক ফুটবল খেলিবলৈ আৰম্ভ কৰিছিল যদিও বলৰ পজিছন আৰু শ্বটৰ ক্ষেত্ৰত গেৰেথ চাউথগেটৰ দলটো আগবাঢ়ি আছিল।

খেলখনৰ ৮৯ মিনিটলৈকে স্ক’ৰলাইন ১-১ আছিল। ডৰ্টমুণ্ডৰ ঘৰুৱা খেলপথাৰত যেতিয়া সকলোৱে ধৰি লৈছিল যে মেচখন অতিৰিক্ত সময়লৈ যাব, তেতিয়াই ক্লাইমেক্স আহিল। খেলখন শেষ হোৱাৰ কেইমিনিটমান পূৰ্বে অলি ৱাটকিন্সে গ’ল দি ইংলেণ্ডক অগ্ৰগতি প্ৰদান কৰে। ৯০ মিনিটত গ’ল খাই নেদাৰলেণ্ডৰ বাবে প্ৰত্যাৱৰ্তন কৰাটো অতি কঠিন হৈ পৰিছিল। শেষত ডাচ দলটোৱে মেচখনত ২-১ গ’লত পৰাস্ত হৈ ইউৰো এৰিলে।

লগতে পঢ়কঃ ডিগবৈৰ বিদ্যালয়ত শিক্ষাৰ্থীৰ ওপৰত খহি পৰিল শ্ৰেণীকোঠাৰ ফেন, আহত দুই চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ

ইংলেণ্ডৰ প্ৰশিক্ষকে ৱাটকিন্সক অন্তিম মুহূৰ্তত আনি মেচখনৰ আক্ৰমণ বৃদ্ধি কৰিছিল। কাৰণ আগতে বহুবাৰ দেখা গৈছে যে ইংলেণ্ডৰ টাইব্ৰেকাৰত ভাগ্যই কোনো সহায় কৰা নাই। সেই কৌশলে কাম কৰাৰ লগে লগে ইউৰোৰ ফাইনেলত প্ৰৱেশ কৰে থ্ৰী লায়ন্সে।

দেওবাৰে নিশা ফাইনেলত স্পেইনৰ বিৰুদ্ধে খেলিব ইংলেণ্ডে। ইংলেণ্ডৰ বাবে ট্ৰফীৰ ব্যৰ্থতা ভাঙিবলৈ এয়া এক সোণালী সুযোগ। অৱশ্যে কোৱা বাহুল্য যে ভাল ফৰ্মত থকা লেমিন ইয়ামাল আৰু অলমো বাহিনীৰ বিৰুদ্ধে ইংলেণ্ড দলৰ কাম সহজ নহ’ব। 

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd