NORTHEAST NOW (Assamese)

‘পুলৱামাৰ দুঃসহ স্মৃতি পাহৰি নাযাওঁ’,সেনাক অৰ্জুন টেংক অৰ্পন কৰি ক’লে মোদীয়ে

February 14, 2021 3:16 pm · এন ই নাও নিউজ
Updated: February 14, 2021 5:01 pm

‘পুলৱামা কাণ্ডৰ দুঃসহ স্মৃতি ভাৰতবাসীয়ে কেতিয়াও মনৰ পৰা মচি পেলাব নোৱাৰে। এই ঘটনাই ভাৰতবাসীৰ সন্মুখত সন্ত্ৰাসবাদৰ ভয়ংকৰ ছবি এখন দাঙি ধৰিলে’। এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

আজি চেন্নাইত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত ভাৰতীয় সেনাৰ হাতত ১১৮ খন ঘৰুৱা ভাবে সাজি উলিওৱা অৰ্জুন টেংক অৰ্পন কৰি মোদীয়ে এনেদৰে কয়।

মোদীয়ে কয় যে চুবুৰীয়া ৰাষ্ট্ৰ পৰা ভাৰতৰ প্ৰতিৰক্ষাৰ প্ৰতি আহিব পৰা যিকোনো ভাবুকি প্ৰতিহত কৰিব পৰাকৈ ভাৰতৰ প্ৰতিৰক্ষা বাহিনীসমূহ সম্পূৰ্ণ সাজু।

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ভাৰত অচিৰেই আত্মনিৰ্ভৰশীল হৈ উঠিব বুলিও মোদীয়ে তেওঁৰ ভাষণত কয়। উল্লেখ্য ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীৰ দিনটোতে কাশ্মীৰৰ পুলৱামাত পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে বিস্ফোৰণ সংঘটিত কৰি  ৪৪  জনকৈ চিআৰপিএফৰ জোৱানক হত্যা কৰিছিল।

পুলৱামা কাণ্ডৰ বৰ্ষপূৰ্তিৰ দিনাই মোদীয়ে ভাৰতীয় সেনাপৰ হাতত তুলি দিয়ে ১১৮ খন অৰ্জুন টেংক।

অৰ্জুন টেংক সাজি উলিওৱাৰ ক্ষেত্ৰত ভাৰত আন কোনো দেশৰ পৰা সহায় লোৱা নাই । উল্লেখ্য ভাৰতীয় সেনাৰ হাতত বৰ্তমান ১ হাজাৰ ১৯৩ খন টি-৯০ বা ভীষ্ম টেংক আছে।

একেদৰে ৮ হাজাৰ ৫২৫ কোটি টকাৰে ভাৰতে ২০০১ চনতে ৰাছিয়াৰ পৰা ক্ৰয় কৰিছিল ৬৫৭ খন টি-৯০ টেংক।

ভাৰতে বৰ্তমান ৰাছিয়াৰ সহযোগত তামিলনাডুৰ অবডি নামৰ অঞ্চলত  ১০০০ খন টি-৯০ টেকং সাজি আছে।

সেনা বাহিনীত অৰ্জুন টেংকৰ অন্তৰ্ভূক্তিয়ে বাহিনীটোক অধিক শক্তিশালী কৰি তুলিব বুলি ভবা হৈছে।

Related News