NORTHEAST NOW (Assamese)

অমিত শ্বাহ, ৰাজনাথ সিং,অজিত ডোভালৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ জৰুৰী বৈঠক

June 29, 2021 8:22 pm · এন ই নাও নিউজ

মঙলবাৰে গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত হয়।

সূত্ৰসমূহৰ মতে, বৈঠকত প্ৰতিৰক্ষা খণ্ডত ভৱিষ্যতে আহিব পৰা প্ৰত্যাহ্বান আৰু সশস্ত্ৰ বাহিনীক আধুনিক অস্ত্ৰ-শস্ত্ৰৰ সৈতে সুদক্ষ কৰি তোলাৰ সম্পৰ্কত আলোচনা কৰা হয়।

যোৱা সপ্তাহত জম্মুৰ এয়াৰ ফ’ৰ্ছ ষ্টেশ্যনত ড্ৰোণেৰে চলোৱা আক্ৰমণৰ ঘটনাৰ পাছতে এই বৈঠক অনুষ্টিত হৈছে।

দেওবাৰে পুৱাৰ ভাগত পাকিস্তানস্থিত সন্ত্ৰাসবাদীয়ে ড্ৰোণ ব্যৱহাৰ কৰি আক্ৰমণ চলোৱাৰ প্ৰথম ঘটনা সংঘটিত হয় য’ত জম্মুৰ এয়াৰ ফ’ৰ্ছ ষ্টেশ্যনত দুটাকৈ বোমাৰ বিস্ফোৰণ ঘটায়। ইয়াৰ ফলত দুগৰাকী বায়ুসেনাৰ লোক আহত হয়।

উক্ত বিস্ফোৰণ দুটা পুৱতি নিশা ১-৪০বজাত সংঘটিত হৈছিল আৰু পাঁচমিনিটৰ অন্তৰতে সংঘটিত হৈছিল দ্বিতীয়টো বিস্ফোৰণ।

Related News