NORTHEAST NOW (Assamese)

‘কেবাদশক ধৰি উন্নয়ন স্তব্ধ হৈ থকা ভাৰত এতিয়া দ্ৰুত গতিত আগুৱাইছে’; প্ৰধানমন্ত্ৰী মোদীৰ দাবী

January 5, 2021 5:17 pm · এন ই নাও নিউজ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দাবী যে দেশে উন্নতিৰ দিশে দ্ৰুত গতিত আগুৱাই গৈছে। আজি কোচি-মাংগালুৰুৰ প্ৰাকৃতিক গেছ পাইপলাইন উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৪৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰাকৃতিক গেছ পাইপলাইনৰ যোগে কেৰেলা আৰু কৰ্ণাটকৰ বহুকেইখন জিলাৰ মানুহ উপকৃত হ’ব।

প্ৰধানমন্ত্ৰী মোদীৰ মতে বিগত কেবা দশক ধৰি দেশৰ উন্নতিত স্থবিৰতা আহিলেও এতিয়া অতি দ্ৰুত গতিত দেশৰ উন্নতি হৈছে।

“বিগত কেবাদশকো কিয় ভাৰতৰ উন্নয়নৰ গতি স্তব্ধ হৈ গৈছিল সেই বিষয়ে আমি একো ক’বলৈ নাযাওঁ। এতিয়া ভাৰতৰ উন্নয়ন গতি ধীৰ হৈ থকা নাই। বিগত কিছু বছৰৰ পৰা দেশৰ উন্নয়নৰ গতি আৰু উন্নয়ন সুযোগ বহুগুণে বৃদ্ধি পাইছে।” প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ প্ৰসংগত কয়।

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় ১৯৮৭ চনতে আন্তঃৰাজ্য পাইপলাইন কমিশ্যন গঠন কৰিলেও ২০১৪ চন পৰ্যন্ত মাত্ৰ ১৫ হাজাৰ কিলোমিটাৰ পাইপলাইনহে নিৰ্মাণ কৰা হৈছে।

২০২৪ বৰ্ষৰ পৰা দেশত ১৬ হাজাৰ কিলোমিটাৰ পাইপলাইনৰ কামকাজ চলি আছে আৰু আগন্তুক ৪ ৰপৰা ৬ বছৰৰ ভিতৰত এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’ব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে দাবী কৰে।

Related News