NORTHEAST NOW (Assamese)

প্ৰধানমন্ত্ৰী মোদীয়ে আৱিষ্কাৰ কৰিছে কোভিড ভেকচিন! দাবী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেবৰ

February 15, 2021 1:16 pm · তন্ময় চক্ৰৱৰ্তী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

কামকাজেৰে বিপ্লৱ আনিবলৈ সক্ষম নহ’লেও কথাৰে বিপ্লৱ অনাত কোনো ত্ৰুটী কৰা নাই ত্ৰিপুৰাৰ বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবে।

মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবে এইবাৰ দাবী কৰিছে যে প্ৰধানমন্ত্ৰী মোদীয়ে কোভিড ভেকচিন আৱিষ্কাৰ কৰিছে।

তেওঁ কয়,’’প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত স্থানীয় পদ্ধতিৰে ভেকচিন আৱিষ্কাৰ কৰি কৰ’নাক এশিকনি দিছে।‘’

বিপ্লৱ দেবৰ এইটো আছিল নতুন বক্তৱ্য। দেওবাৰে তেওঁ ৰাজ্যখনৰ অসামৰিক বিষয়াসকলৰ এখন সভাত ভাষণ দিয়াৰ সময়ত এই বক্তৱ্য আগবঢ়ায়।

ত্ৰিপুৰা অসামৰিক সেৱাৰ বিষয়াসকলৰ যৌথ মঞ্চ ত্ৰিপুৰা চিভিল চাৰ্ভিছ অ’ফিচাৰ এছ’চিয়েশ্যনে আগৰতলাৰ কামিনী কুমাৰ সিংহ মেম’ৰিয়েল স্কুলত এএক কাৰ্যসূচীৰ আয়োজন কৰিছিল।

এই কাৰ্যসূচীৰ সময়ত সংস্থাটোৱে দৰিদ্ৰ লোকৰ মাজত কম্বল আৰু শিক্ষাৰ সামগ্ৰী বিতৰণ কৰে।

ইয়াতেই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কৰ’নাই আমাক বহু কথা শিকালে। সামাজিক দূৰত্ব, শৃংখলাবদ্ধতাৰ দৰে কথাবোৰ কৰ’নাই আমাক শিকালে।

আনহাতে, প্ৰধানমন্ত্ৰী মোদীয়ে দেশত থলুৱা পদ্ধতিৰে ভেকচিনৰ আৱিষ্কাৰ কৰি কৰ’নাক শিক্ষা দিলে বুলিওতেওঁ কয়।

তেওঁ লগতে কয় যে যিদৰে মোদীয়ে কৰ’নাক শিকালে, কৰ’নাই আমাক আত্মবিশ্বাসী হ’বলৈ শিকালে যাৰ বাবে জনসাধাৰণে বৰ্তমান কৰ’না সন্দৰ্ভত শংকিত নহয়। কিয়নো আমাৰ দেশৰ আদৰণীয় প্ৰধানমন্ত্ৰীয়ে দেশত ভেকচিনৰ আৱিষ্কাৰ কৰিছে। ভাৰতে এয়া ২৫খন দেশক বিনামূলীয়াকৈ আগবঢ়াইছে। এয়াই আমাৰ নৰেন্দ্ৰ মোদী।

তেওঁ কয় যে বাংলাদেশ আমাৰ চুবুৰীয়া দেশ য’ত ভাৰত চৰকাৰে টীকাকৰণৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।

উল্লেখ্য যে এদিন পূৰ্বে বিপ্লৱ দেবে দাবী কৰিছিল যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নেপাল আৰু শ্ৰীলংকাতো চৰকাৰ গঠনৰ পৰিকল্পনা কৰিছে।

Related News