NORTHEAST NOW (Assamese)
অসম

মন কি বাত’ : অসমৰ গঁড় সংৰক্ষণৰ প্ৰচেষ্টাক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী January 30, 2022 4:33 pm

অল ইণ্ডিয়া ৰেডিঅ’যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ জনপ্ৰিয় অনুষ্ঠান ‘মন কি বাত’ সম্প্ৰচাৰ কৰে।

‘মন কি বাত’ ৰ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যোৱা আঠ বছৰত অসমত গঁড়ৰ চোৰাং চিকাৰ যথেষ্ট হ্ৰাস পাইছে।

মোদীয়ে কয়, “যদিও ২০১৩ চনত অসমত ৩৭ টা গঁড়ৰ মৃত্যু হৈছিল, ২০২২ চনত মাত্ৰ ২ টা গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰিছিল আৰু ২০২১ চনত মাত্ৰ এটা গঁড় হত্যাৰ বলি হৈছিল।

” সামূহিক প্ৰচেষ্টাৰ জৰিয়তে গঁড় সংৰক্ষণৰ ক্ষেত্ৰত অসমৰ জনসাধাৰণে দেখুওৱা সদ্দিচ্ছাৰো শলাগ লয় মোদীয়ে ।

ইফালে, প্ৰধানমন্ত্ৰীয়ে কৰা এনে প্ৰশংসাৰ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চোৰাং চিকাৰীৰ দৌৰাত্ম নাশ কৰাৰ প্ৰচেষ্টা অব্যাহত থাকিব। মুখ্যমন্ত্ৰী মহন্ত বিশ্ব শৰ্মাই টুইটাৰত এইবুলি কয়— “অসম চৰকাৰে জনসাধাৰণৰ সমৰ্থনত আমাৰ মূল্যৱান সম্পদৰ চোৰাং চিকাৰ ৰোধ কৰাটো নিশ্চিত কৰিব” ।

প্ৰধানমন্ত্ৰী মোডীয়ে আজি অসমৰ গঁড়ৰ প্ৰসংগৰ লগতে তেওঁৰ মন কি বাত অনুষ্ঠানত আন ভালেকেইটা বিষয়ত মন্তব্য কৰে।

‘মন কি বাত’ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে এই বছৰ ‘আজাদী কা অমৃত মহোৎসৱ’ উদযাপন কৰি আছে আৰু বহুলোকে তেওঁক পত্ৰ লিখি অমৰ জোৱান জ্যোতিৰ মাজতে দেশৰ হকে প্ৰাণাহুতি দিয়া শ্বহীদসকল জীয়াই আছে বুলি উল্লেখ কৰিছে। মোদীয়ে দেশৰ প্ৰতিগৰাকী নাগৰিককে যুদ্ধ স্মাৰক দৰ্শন কৰিবলৈ আহ্বান জনায়।