NORTHEAST NOW (Assamese)

১০হাজাৰ ফুট উচ্চতাত বিশ্বৰ আটাইতকৈ দীৰ্ঘতম সুৰংগ উদ্বোধন কৰিলে প্ৰধান মন্ত্ৰী মোদীয়ে

October 3, 2020 12:37 pm · এন ই নাও নিউজ

দহ হাজাৰ ফুট উচ্চতাত নিৰ্মাণ কৰা বিশ্বৰ আটাইতকৈ দীৰ্ঘতম সুৰংগটো শনিবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মানালিত উপস্থিত থাকে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট আৰু সেনা প্ৰধান এম এ নাৰাৱানে।

ৰোটাং পাচত বছৰত মাত্ৰ চাৰি পাঁচমাহ মানহে কাম কৰাৰ সময় পোৱা যায়। বছৰৰ বাকী  সময়খিনি প্ৰচণ্ড ঠাণ্ডা তথা বৰফৰ বাবে এই পথ বন্ধ থাকে।

এই সুৰংগ আৰম্ভ হোৱাৰ পাছত মানালি-লে ঘাইপথত গোটেই বছৰ যাতায়ত সম্ভৱ হ’ব। ভাৰতীয় আভিযান্ত্ৰিক নিৰ্মাণৰ এক বিৰল নিদৰ্শন হৈ পৰিছে এই অটল সুৰংগ।

নিৰ্মাণ সংস্থাটোৰ বিষয়াসকলে এইদৰে ১০হাজাৰ ফুট উচ্চতাত এনে নিৰ্মামৰ কাম যথেষ্ট কঠিন বুলি জানিবলৈ দিয়ে।

প্ৰায় ৫০০ মিটাৰ অন্তৰে অন্তৰে বাহিৰলৈ যোৱাৰ সুৰংগ আছে। লগতে অগ্নি নিৰ্বাপনৰ ব্যৱস্থাও আছে।

সুৰংগটোৰ উচ্চতা দহ মিটাৰ। পথৰ দুয়োকাষে ১ মিটাৰকৈ ফুটপাথো নিৰ্মাণ কৰা হৈছে। সুৰংগটোৱে মানালিৰ পৰা লেহ চহৰৰ দূৰত্ব ৪৬ কিলোমিটাৰ হ্ৰাস কৰিব।

ইয়াৰ ফলত পাহাৰীয়া পথত ৪ঘন্টাৰ যাত্ৰা কমি যাব।

সামৰিক দিশৰ পৰা এই সুৰংগ অতি গুৰত্বপূৰ্ণ। ভাৰত-চীনৰ মাজত সীমান্তত চলা সংঘাতৰ সময়ত সেনাৰ বাবে খাদ্য সামগ্ৰী দ্ৰুতভাৱে যোগান ধৰিব পৰা যাব।

Related News