NORTHEAST NOW (Assamese)

‘এয়া অপূৰণীয় ক্ষতি’, সুৰ সম্ৰাজ্ঞীৰ প্ৰয়াণত শোকাভিভূত প্ৰধানমন্ত্ৰী মোদী; ৰাষ্ট্ৰীয় শোক ঘোষণা

February 6, 2022 11:08 am · এন ই নাও নিউজ, গুৱাহাটী

দেওবাৰে পুৱা ৮বাজি ১২ মিনিটত ৯২ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে সুৰ সম্ৰাজ্ঞী কিংবদন্তি লতা মংগেশকাৰৰ। কোকিলকণ্ঠী শিল্পীগৰাকীৰ মৃত্যু ভাৰতৰ সাংস্কৃতিক জগতৰ এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

ভাৰতৰত্ন লতা মংগেশকাৰৰ পৰলোকপ্ৰাপ্তিত সাংস্কৃতিক জগতত যি শূন্যতাৰ সৃষ্টি হ’ল সেই শূন্যতা কোনোদিনে পূৰণ নহ’ব বুলি দাবী কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

লগতে পঢ়ক: কিংবদন্তি সুৰ সম্ৰাজ্ঞী, ভাৰতৰত্ন লতা মংগেশকাৰৰ দেহাৱসান

টুইটযোগে নিজে ব্যথিত হৈ পৰাৰ কথা সদৰী কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা দুই দিনৰ বাবে ৰাষ্ট্ৰীয় শোক পালনৰ কথাও ঘোষণা কৰিছে।

প্ৰধানমন্ত্ৰীয়ে টুইটত লিখিছে,’’ মই মোৰ শোকৰ কথা ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম। দয়াশীল তথা মৰমীয়াল লতা দিদিয়ে আমাক এৰি গুচি গৈছে। তেওঁ আমাৰ দেশত যি এক শূন্যতাৰ সৃষ্টি হ’ল সেয়া পূৰণ কৰিব পৰা নাযাব। ভৱিষ্যত প্ৰজন্মই তেওঁক ভাৰতীয় সংস্কৃতিৰ এগৰাকী পুৰোধা হিচাপে সদায়েই মনত ৰাখিব। তেওঁৰ সুৱদী কণ্ঠৰ মানুহক মন্ত্ৰমুগ্ধ কৰি তোলাৰ এক অতুলনীয় ক্ষমতা আছিল।‘’       

Related News