স্বাধীনতা দিৱসৰ ভাষণেৰে দেশবাসীক বিপথে পৰিচালিত কৰিছে মোদীয়ে! দাবী গৌৰৱ গগৈৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা শাসকীয় বিজেপি দলৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক হৈ পৰিছে কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈ। গত স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ প্ৰসঙ্গ উল্লেখেৰে মোদীক তীব্ৰ সমালোচনা কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে।
স্বাধীনতা দিৱসৰ ভাষণৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবাসীক বিপথে পৰিচালিত কৰিছে বুলি দাবী কৰিছে গৌৰৱ গগৈয়ে। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত গৌৰৱ গগৈয়ে মণিপুৰত পুনৰ শান্তি নিশ্চিত কৰিব নোৱাৰাৰ বাবে মোদীয়ে দেশবাসীক আভুৱা ভাৰিছে বুলি দাবী কৰে।
কংগ্ৰেছ নেতাগৰাকীৰ মতে, মণিপুৰত মুকলিকৈ বিয়পি থকা ৬ হাজাৰ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু ৬ লাখ গোলা-বাৰুদ কোষাগাৰলৈ ঘূৰি নহালৈকে ৰাজ্যখনত শান্তি পুনৰ ঘূৰি নাহে আৰু এই কথা জানে বাবেই স্বাধীনতা দিৱসৰ ভাষণৰ দ্বাৰা প্ৰধানমন্ত্ৰীয়ে ভাৰতবাসীক বিপথে পৰিচালিত কৰিছে।
গগৈয়ে লগতে কেন্দ্ৰই মণিপুৰত শান্তি স্থাপনৰ বাবে লোৱা প্ৰচেষ্টাৰ ওপৰত প্ৰশ্ন তুলি মিলনৰ আলোচনা নহ’লে শান্তি স্থাপন কেনেকৈ হ’ব বুলি প্ৰশ্ন কৰে। সংঘৰ্ষত লিপ্ত কুকি আৰু মেইটেই গোষ্ঠী ৰাজ্যৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ কাম-কাজত অসন্তুষ্ট আৰু তাৰ পিছতো কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে তেওঁক সমৰ্থন কৰাটো দুৰ্ভাগ্যজনক বুলি গগৈয়ে দাবী কৰে।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰৰ কথা উল্লেখ কৰি স্বাধীনতা দিৱসৰ ভাষণৰ আৰম্ভণি কৰে। মণিপুৰত লাহে লাহে শান্তি ঘূৰি আহিছে বুলি উল্লেখ কৰি মোদীয়ে ৰাজ্যখনত শান্তি স্থাপনৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে একেলগে কাম কৰি আছে বুলি মন্তব্য কৰিছিল।