NORTHEAST NOW (Assamese)
অসম

দেওবাৰে বিয়লি দেশবাসীৰ উদ্দেশ্যি ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে; কি বাৰ্তা দিবলৈ গৈ আছে মোডীয়ে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 21, 2025 12:50 pm

আজি বিয়লি ৫ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কি কথা ক’ব বা দেশবাসীক কি বাৰ্তা দিব পাৰে সেয়া সঠিকভাৱে জািব পৰা হোৱা নাই। চৰকাৰী সূত্ৰৰ জৰিয়তেও কোনো বাৰ্তা পোৱা হোৱা নাই।

উত্তৰ ভাৰতকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ লোকে এই সময়ত নৱৰাত্ৰি উদযাপন কৰে। এই বিশেষ উৎসৱ আৰম্ভ হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

সোমবাৰৰ পৰা পুনৰ কাৰ্যকৰী হৈছে নতুন জি এছ টি। নতুন জি এছ টি সংস্কাৰ অনুসৰি পূৰ্বৰ চাৰিটা স্তৰ নাইকিয়া কৰি এতিয়াৰে পৰা দুটা স্তৰৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’ব। পূজাৰ আগে আগে কমি আহিব দৈনিক কেবাটাও প্রয়োজনীয় সামগ্ৰীৰ দাম। মোদীয়ে সেইটোকলৈও ভাষণ দিব পাৰে।

ইপিনে, ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক কিছু উন্নত হৈছে। ইয়াৰ মাজতে ট্ৰাম্প প্ৰশাসনে হঠাতে নতুন এইচ-১বি ভিছাৰ আবেদন মাচুল বছৰি এক লাখ মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ৮৮ লাখ টকালৈ বৃদ্ধি কৰিছে। এই সিদ্ধান্তই ভাৰতীয় ভিছা ব্যৱহাৰকাৰীসকলৰ মাজত যথেষ্ট আতংক আৰু অশান্তিৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে বিশ্বজুৰি ভিছা ব্যৱহাৰকাৰীৰ অধিকাংশই ভাৰতত আছে।

কিন্তু পিছত ট্ৰাম্প প্ৰশাসনে স্পষ্ট কৰি দিয়ে যে এই নতুন মাচুল এক লাখ ডলাৰ কেৱল নতুন আবেদনৰ ক্ষেত্ৰতহে প্ৰযোজ্য। বৰ্তমানৰ ভিছাধাৰীসকল ইয়াৰ অন্তৰ্ভুক্ত নহ’ব। আনকি যিসকল বৰ্তমান আমেৰিকাৰ বাহিৰত আছে আৰু পুনৰ প্ৰৱেশ কৰিব বিচাৰে তেওঁলোকেও এই মাচুল দিব নালাগিব। ই এককালীন ধাৰ্য কৰা হৈছে।

শনিবাৰে দিয়া এক বক্তব্যত প্ৰধানমন্ত্ৰীয়ে পৰোক্ষভাৱে আমেৰিকাৰ শুল্ক আৰোপ আৰু ভিছা মাচুল বৃদ্ধিৰ সিদ্ধান্তৰ ইংগিত দি কয়, ‘ভাৰতৰ আটাইতকৈ ডাঙৰ প্ৰতিপক্ষ হৈছে বিদেশী নিৰ্ভৰশীলতা।’ আত্মনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে অৰ্ধপৰিবাহীৰ পৰা আৰম্ভ কৰি জাহাজ নিৰ্মাণলৈকে প্ৰতিটো ক্ষেত্ৰতে দেশে নিজৰ শক্তিৰে থিয় দিব লাগিব। সংশ্লিষ্ট সূত্ৰৰ মতে, এই সকলোবোৰ বিষয়ত তেওঁ আজি দেশবাসীৰ আগত বক্তব্য ৰাখিব পাৰে।