NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

প্ৰসঙ্গ ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: শীঘ্ৰেই উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 28, 2022 7:47 pm
India on Russia-Ukraine war

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শীঘ্ৰেই যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিবলৈ এখন বৈঠকত অংশগ্ৰহণ কৰিব।

উল্লেখ্য যে এই বৈঠকখন বিগত ২৪ ঘণ্টাৰ ভিতৰত তৃতীয়খন বৈঠক হ’ব।

চৰকাৰী এক সূত্ৰ অনুসৰি কেইবাগৰাকীও মন্ত্ৰী আৰু শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল বৈঠকত উপস্থিত থাকিব।

স্মৰ্তব্য যে আজি পুৱাও এখন উচ্চ পৰ্যায়ৰ চৰকাৰী বৈঠক অনুষ্ঠিত হৈছিল আৰু এই বৈঠকত যুদ্ধবিধস্ত ইউক্ৰেইনত আৱদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীসকলক দেশলৈ প্ৰত্যাৱৰ্তনৰ উদ্দেশ্যে চাৰিজন জেষ্ঠ মন্ত্ৰীৰ ইউক্ৰেইনৰ সীমান্তৱৰ্তী ৰাষ্ট্ৰ ভ্ৰমণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

মন্ত্ৰী হৰদীপ পুৰী, জ্যোতিৰাদিত্য সিন্ধিয়া, কিৰেন ৰিজিজু আৰু ভি কে সিঙে ভাৰতৰ বিশেষ দূত হিচাপে ইউক্ৰেইনৰ কাষৰীয়া দেশসমূহলৈ ভ্ৰমণ কৰিব।

জ্যোতিৰাদিত্য সিন্ধিয়া ৰোমানিয়া আৰু মলদোভাৰ দায়িত্বত থাকিব বুলি ঘোষণা কৰা হৈছে। আনহাতে কিৰেন ৰিজিজুক স্লোভাকিয়া, হৰদীপ পুৰীক হাংগেৰী আৰু ভি কে সিঙক পোলেণ্ডৰ দায়িত্ব অৰ্পণ কৰা হৈছে।