NORTHEAST NOW (Assamese)
অসম

অসমীয়া ভাষাতে গ্ৰহণ কৰিব পৰা যাব চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম: প্ৰধানমন্ত্ৰী মোদী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 7, 2021 12:52 pm
a modi

সকলো হিংসা-ভেদ ভাবৰ উৰ্দ্ধলৈ গৈ  উত্তৰ পূৰ্বাঞ্চলে এতিয়া বিকাশৰ বাটেৰে আগুৱাই গৈছে।

এই বিকাশৰ ধাৰা প্ৰৱাহিত কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে অসমে।

আজি ঢেকিয়াজুলিৰ ভোচপাৰাত এখন বিশাল জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনেদৰে কয়।

বিশ্বনাথ আৰু চৰাইদেউত দুখনকৈ মেডিকেল কলেজৰ আধাৰশিলা স্তাপন কৰিবলৈ আহি মোদীয়ে এনেদৰে কয়।

মোদীয়ে কয় যে ২০১৬ চনত অসমত মেডিকেল কলেজ আছিল ৬ খন।

বিগত পাঁচ বছৰৰ ভিতৰত ৰাজ্য খনত আৰু নতুনকৈ ৬ খন মেডিকেল কলেজ আৰম্ভ হৈছে।

অসমত এতিয়া প্ৰতি বছৰে ১৬০০ গৰাকী এমবিবিএছ চিকিৎসকৰ সৃষ্টি হ’ব বুলি মোদীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। তেওঁ কয় যে এতিয়া আৰু অসমৰ মানুহে উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ যাব নালাগে। অসমতে সকলো উন্নত চিকিৎসাৰ সুবিধা পাব বুলি তেওঁ কয়।

আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত অসমৰ ১ লাখতকৈ বেছি লোকে চিকিৎসাৰ সুবিধা পোৱা বুলি তেওঁ উল্লেখ কৰে। গুৱাহাটীক উত্তৰ পূৰ্বাঞ্চলৰ চিকিৎসা খণ্ডৰ অভিকেন্দ্ৰ হিচাবে গঢ়ি তোলাৰ প্ৰচেষ্টা চৰকাৰে চলাই গৈছে বুলি মোদীয়ে কয়।

ক’ৰ’ণাৰ পৰা দেশে লাভ কৰা শিক্ষাই সকলোকে  ভৱিষ্যতে  সহায় কৰিব বুলি তেওঁ ভাষণত আশা প্ৰকাশ কৰে। মোদীয়ে তেওঁৰ ভাষণত অসমৰ চাহৰো উচ্চ প্ৰশংসা কৰে।

তাৎপৰ্যপূৰ্ণ ভাবে মোদীয়ে কয় যে ৰাজ্যত অসমীয়া ভাষাতে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব পৰাকৈ এখন মেডিকেল কলেজ থাকিব।ইয়াৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা বুলিও তেওঁ উল্লেখ কৰে।

চাহ বাগিচাৰ শ্ৰমিকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে তেওঁৰ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা বুলি মোদীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। ভাৰতৰ চাহক বিশ্ব দৰবাৰত বদনাম কৰিব বিচৰাসকলকো মোদীয়ে কঠোৰ ভাবে সকিয়াই দিয়ে।

অসম মালা আচঁনিয়ে অসমৰ ব্যৱসায়ক সম্প্ৰসাৰিত কৰিব  বুলি তেওঁ কয়।