NORTHEAST NOW (Assamese)
অসম

শংকৰ সংঘৰ মৰিগাওঁ অধিৱেশনলৈ নাহে প্ৰধান মন্ত্ৰী মোদী, নিশ্চিত খবৰ দিলে মন্ত্ৰী হিমন্তই

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 3, 2019 6:43 pm
pm-modi-at-85th-annual-conference-of-srimanta-sankaradeva-sangha-in-assam

বহু জল্পনা-কল্পনা চলি থকাৰ মাজতে অহা ৮৮ সংখ্যক শংকৰ সংঘৰ অধিৱেশনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ নকৰাৰ নিশ্চিত বাতৰি আহিছে।

অহা ৯ ফেব্ৰুৱাৰিত মোদী অসমলৈ আহিব যদিও তেওঁ অধিৱেশনত অংশগ্ৰহণ নকৰে। তাৰ পৰিৱৰ্তে আন কেইটামান কাৰ্য্যসূচীতহে অংশ গ্ৰহণ কৰিব। আজি সংবাদ মাধ্যমৰ আগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথাটো নিশ্চিত কৰিছে।

“প্ৰধান মন্ত্ৰী ৯ ফেব্ৰুৱাৰিত অসমলৈ আহিব যদিও শংকৰ সংঘৰ অনুষ্ঠানত অংশগ্ৰহণ নকৰে।“ সংবাদ মাধ্যমৰ আগত মন্ত্ৰী শৰ্মাই কয়। তেওঁ উক্ত দিনটোত মোদীয়ে তিনি ঠাইৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি জনায়।

প্ৰথমটো কাৰ্য্যসূচীত প্ৰধান মন্ত্ৰীজনে চাংসাৰিত এইমছৰ শুভাৰম্ভ কৰি জনসভাত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছতেই গুৱাহাটী আৰু উত্তৰ-গুৱাহাটী সংযোগী ২১৮৭ কোটি টকা ব্যয় সাপেক্ষ চাৰিলেনযুক্ত দলঙৰ আধাৰশিলা স্থাপন কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে জনায়।

দলঙৰ আধাৰশিলা স্থাপন কৰিয়েই মোদী উৰা মাৰিব গহপুৰ অভিমুখে। গহপুৰত আন এটা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি মোদী সেইদিনাই পোনে পোনে ত্ৰিপুৰা অভিমুখে ৰাওনা হ’ব। ত্ৰিপুৰাত এক জনসভাত অংশগ্ৰহণ কৰি মোদী পোনে পোনে দিল্লীলৈ উৰা মাৰিব।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে অহা ৬ ফেব্ৰুৱাৰিৰ পৰা ৯ ফেব্ৰুৱাৰি পৰ্য্যন্ত হ’ব লগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক মৰিগাঁও অধিৱেশনলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব বুলি পুনৰ খবৰ ওলোৱাৰ সময়তে মোদীক ক’লা পতাকা দেখুওৱা হ’ব বুলি হুংকাৰ দিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি ৭০টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনে।

ফলত অধিৱেশনলৈ আহিলেও মোদীৰ এই ভ্ৰমণ সুখকৰ নহ’ব পাৰে বুলি ৰাজ্য চৰকাৰ চৰম অস্বস্তিত পৰিছিল। অধিৱেশনত মোদীয়ে অংশগ্ৰহণ নকৰাৰ সিদ্ধান্তৰ আঁৰত এই হুংকাৰো থাকিব পাৰে বুলি এটা মহলত চৰ্চা হৈছে।