NORTHEAST NOW (Assamese)

ঘাতক কোভিডে কাঢ়ি নিলে প্ৰধানমন্ত্ৰী মোদীৰ খুৰীয়েকৰ প্ৰাণ

April 28, 2021 7:24 am · এন ই নাও নিউজ

দেশত দিন বাগৰাৰ লগে লগে ক’ৰ’না পৰিস্থিতি উন্নত হোৱাৰ সলনি অধিক বেয়াৰ দিশলৈহে গতি কৰা পৰিলক্ষিত হৈছে।

দেশত প্ৰতি দিনে বহু লোকে ক’ৰ’নাক মৃত্যুগৰণ কৰাৰ লগতে লাখ লাখ লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰিয়ালতো ক’ৰ’নাই আতংকৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

কালি সন্ধিয়া প্ৰধানমন্ত্ৰী মোদীৰ খুৰীয়েকৰ ক’ৰ’নাত মৃত্যু ঘটে।

গুজৰাটৰ আহমেদাবাদৰ নিউ ৰনিপ অঞ্চলত বাস কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ খুৰীয়েক নৰ্মদা বেন কিছুদিন আগতে মাৰাত্মক ক’ৰ’নাত আক্ৰান্ত হৈছিল।

প্ৰথমাৱস্থাত তেওঁক ঘৰতে ৰাখি চিকিৎসা কৰোৱা হৈছিল যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক আহমেদাবাদৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

মঙলবাৰে সন্ধিয়া নৰ্মদা বেনৰ মৃত্যু ঘটে।মৃত্যুৰ সময়ত মোদীৰ খুৰীয়েক নৰ্মদা বেনৰ বয়স প্ৰায় ৮০ বছৰ হৈছিল বুলি জানিব পৰা গৈছে।

মোদীৰ খুৰাক জগজীৱন দাসৰ বহু বছৰ পূৰ্বে মৃত্যু ঘটিছিল।

উল্লেখ্য দেশত এতিয়া ক’ৰ’না ভাইৰাছে বিভিন্ন ৰাজ্যৰ জনতাৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে।

বহু কেইখন ৰাজ্যত সাময়িক ভাবে লকডাউন ঘোষণা কৰা হৈছে।

কোনো কোনো ৰাজ্যত নৈশ সান্ধ্যআইন জাৰি কৰা হৈছে। দিল্লীত এতিয়া অক্সিজেনৰ চাহিদা ভালেখিনি পূৰণ কৰিব পৰা গৈছে।

বিশেষকৈ কালি দিল্লীত অক্সিজেন এক্সপ্ৰেছ প্ৰৱেশ কৰাৰ পিছত ৰাজ্য খনত অক্সিজেনৰ ভাণ্ডাৰ কিছু হ’লেও বৃদ্ধি পাইছে।

Related News