NORTHEAST NOW (Assamese)

কথকতাতকৈ তেওঁৰ মৌনতা আছিল অধিক শক্তিশালী; বাজপেয়ীক স্মৰণ কৰি প্ৰধানমন্ত্ৰী মোডী

August 16, 2020 1:23 pm · এন ই নাও নিউজ
Updated: August 16, 2020 1:31 pm

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আজি দ্বিতীয় মৃত্যু বাৰ্ষিকী।

বিজেপিৰ অটল বৃক্ষ স্বৰুপ বাজপেয়ীৰ মৃত্যু তিথিত আজি পুৱা নতুন দিল্লীত থকা প্ৰয়াত নেতা গৰাকীৰ সমাধিক্ষেত্ৰ ছদৈৱ অটলত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ,উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডু,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে বহু গণ্য-মান্য ব্যক্তিয়ে।

বাজপেয়ীৰ দ্বিতীয় মৃত্যু তিথিত প্ৰয়াত নেতা গৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি মোডীয়ে কয় যে বাজপেয়ীৰ কথকতাতকৈ মৌনতা আছিল অধিক শক্তিশালী।

বাজপেয়ীৰ মৃত্যু তিথি উপলক্ষ্যে প্ৰধানমন্ত্ৰী মোডীয়ে এটা বিশেষ টুইটো কৰে। মোডীৰ লগতে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং,গৃহ মন্ত্ৰী অমিত শ্বাহেও গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উল্লেখ্য ১৯২৪ চনৰ ২৫ ডিচেম্বৰত মধ্যপ্ৰদেশৰ গোৱালিয়ৰত জন্মগ্ৰহণ কৰা বাজপেয়ী তিনিবাৰকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল।

১৯৯৬,১৯৯৮-৯৯ আৰু ১৯৯৯-২০০৪ লৈ তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ পদত আছিল।

শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ ২০০৪ চনলত সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি আহিছিল।ৰাজনীতিৰ উপৰি এগৰাকী কবি হিচাবেও বাজপেয়ী বিখ্যাত আছিল।

২০১৮ চনৰ ১৬ আগষ্টৰ দিনা নতুন দিল্লীৰ এইমছত ৯৩ বছৰ বয়সত বাজপেয়ীৰ মৃত্যু ঘটিছিল। বাজপেয়ীৰ চিতাভষ্ম দেশৰ প্ৰধান নদী সমূহত বিসৰ্জন দিয়া হৈছিল।

Related News