প্রধানমন্ত্ৰী মোদীয়ে পৰিধান কৰিলে অসমীয়া গামোচাৰে তৈয়াৰী মাস্ক; মাস্ক পৰিধান কৰিবলৈ দেশবাসীক আহ্বান
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিধান কৰিলে অসমীয়া গামোচাৰে তৈয়াৰ কৰা মাস্ক।
আজি দেশৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ল’কডাউন সম্পৰ্কে ভিডিঅ’ কনফাৰেন্সিঙৰ যোগে অনুষ্ঠিত এক বৈঠকত প্ৰধানমন্ত্ৰী মোদীক গামোচাৰে নিৰ্মিত মাস্ক পৰিধান কৰা দেখা গ’ল।
দেশত ক’ৰ’নাই নৰ সংহাৰ অব্যাহত আছে। ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ দিনীয়া ল’কডাউন ঘোষণা কৰিছিল।
২১ দিনীয়া ল’কডাউন অহা ১৪ এপ্ৰিলত অন্ত পৰাৰ কথা।
কিন্তু ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ অনিৰুদ্ধ গতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সম্পৰ্কত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ যোগে এক বৈঠক আহ্বান কৰিছিল।
উক্ত বৈঠকত ৰাজ্যসমূহত ক’ৰ’না ভাইৰাছৰ শেহতীয়াৰ স্থিতি সম্পৰ্কে আলোচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰে বাৰে কয় যে যদি কোনো লোকে ক্লিনিকেল মাস্ক পোৱা নাই তেনে ঘৰতে তৈয়াৰী কৰা মাস্ক অথবা চাফা কাপোৰ মুখত পৰিধান কৰক।
প্ৰণিধানযোগ্য যে, দেশত ২১ দিনীয়া ল’কডাউনৰ পৰিপ্ৰেক্ষিততো ক’ৰ’না ভাইৰছৰ সংক্ৰমণ ৰোধ হোৱা নাই। এই পৰ্যন্ত ৭ হাজাৰৰো অধিক লোক ক’ৰ’নাৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বিপৰীতে ২৪৯ জন আক্ৰান্তৰ মৃত্যু ঘটিছে।