NORTHEAST NOW (Assamese)

বিশ্বনাথত অস্ত্ৰসহ গঁড় চিকাৰত জড়িত চোৰাং চিকাৰীক গ্ৰেপ্তাৰ

June 18, 2020 5:20 pm · কাজি জেইদুল ইছলাম

বিশ্বনাথৰ জিনজিয়া আৰক্ষীৰ  সাফল্য। এক গোপন সূত্ৰৰ পম খেদি জিনজিয়া আৰক্ষীয়ে আজি গঁড় চিকাৰত জড়িত এজন দুৰ্ধৰ্ষ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ধৃত চোৰাং চিকাৰীজনক বিশ্বনাথৰ নিজ বাঘমাৰীৰ বাসিন্দা হেকমত আলী বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে হেকমত আলীৰ পৰা আৰক্ষীয়ে  ৩০৩ ৰাইফলৰ এটা মেগাজিন, ৫ জাঁই সক্ৰিয় গুলী আৰু এটা চাইলেঞ্চাৰ জব্দ কৰে।

হেকমতে অস্ত্ৰ-শস্ত্ৰখিনি নিজৰ ঘৰৰ পাকঘৰত মৰাপাটৰ মাজত লুকুৱাই ৰাখিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ইতিমধ্যে জিনজিয়া আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ 25(1A) অধীনত ৭৫/২০ নম্বৰৰ এক গোচৰ ৰুজু কৰি ধৃত হেকমত আলীক আদালতত হাজিৰ কৰায়।

Related News