NORTHEAST NOW (Assamese)

কাজিৰঙাত গঁড় হত্যা! গোলাঘাটত আটক চোৰাং চিকাৰী, উদ্ধাৰ গঁড়ৰ খৰ্গ

January 27, 2024 11:55 am · এন ই নাও নিউজ, গুৱাহাটী

গোলাঘাট জিলা আৰক্ষীয়ে চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ পৰা এটা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰিছে।

ধৃত গঁড় চিকাৰীৰ ভিতৰত এজনক জগ্গু পেগু বুলি চিনাক্ত কৰা হৈছে। গোলাঘাট জিলাৰ বোকাখাত অঞ্চলৰ মহুৰামুখৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

উল্লেখ্য যে অভিযুক্তই ২২ জানুৱাৰীত এটা মাইকী গঁড় হত্যা কৰি খৰ্গ কাটি নিছিল।

লগতে পঢ়কঃ প্ৰাক্তন কংগ্ৰেছ নেত্ৰী অংকিতা দত্ত, আছুৰ প্ৰাক্তন সভাপতি দিপাংক নাথে যোগদান কৰিব বিজেপিত

পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আগৰাতলি বনাঞ্চলৰ অন্তৰ্গত মাকলুং বন শিবিৰৰ সমীপত উদ্ধাৰ হয় গঁড়টোৰ মৃতদেহ।

ইফালে ধৃত গঁড় চিকাৰী কেইটা বোকাখাতত আৰক্ষীৰ জিম্মাত আছে। এই গোচৰৰ অধিক তদন্ত অব্যাহত আছে।

গঁড়ৰ খৰ্গৰ উপৰিও আৰক্ষীয়ে তেওঁলোকৰ হাতৰ পৰা এটা AK Rifle জব্দ কৰিছে।

ৰাজ্যৰ ডিজিপি জিপি সিঙে অৱগত কৰে যে এ কে ৰাইফলটো গঁড় চিকাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল।

লগতে পঢ়কঃ ভাৰতীয় ক্ৰিকেটাৰৰ দখলত দ্ৰুততম ত্ৰিশতকৰ অভিলেখ! সন্মুখত লাৰাৰ অভিলেখ ভঙাৰ সুযোগ

ডিজিপি জিপি সিঙে কয়, ‘চোৰাং চিকাৰীৰ খৰ্গ আৰু চোৰাং চিকাৰত ব্যৱহৃত এ কে ৰাইফল উদ্ধাৰৰ লগতে চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।‘

Related News