NORTHEAST NOW (Assamese)
অসম

বোকাখাতত ৰাসায়নিক দ্ৰব্য, ৰাইফলসহ চোৰাংচিকাৰী কৰায়ত্ত

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া October 30, 2019 10:13 pm

এক গোপন সূত্ৰৰ পম খেদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰ দলে বিশেষ টাস্ক ফৰ্চৰ সহযোগত আজি বিয়লি বোকাখাতৰ সমীপত দুজন চোৰাংচিকাৰীক কৰায়ত্ত কৰে।

কাজিৰঙাৰ গঁড় হত্যাৰ পৰিকল্পনাৰে গহপুৰৰ পিচলামুখৰ কুটুমঘাটৰ পৰা ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ ৰোহিতাঘাট হৈ বোকাখাতলৈ আহি থকা অৱস্থাত অভিযানকাৰীৰ দলে আটক কৰা ধৃত চিকাৰী দুজনক গহপুৰৰ ৰনোজ পেগু আৰু বৰাচুকৰ কিৰণ দাস ওৰফে মইনা দাস বুলি বিভাগীয় সূত্ৰত প্ৰকাশ।

চোৰাংচিকাৰীৰ পৰা উদ্ধাৰ কৰা সামগ্ৰী

উপ বন সংৰক্ষক কৃষ্ণকান্ত দেউৰীৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে চিকাৰী দুজনৰ পৰা বেগৰ ভিতৰত ভৰাই অনা এটা ৩০৩ ৰাইফল, ৭ জাঁই সক্ৰিয় গুলী, এডাল চাইলেঞ্চাৰ, অচিনাক্ত ৰাসায়নিক দ্ৰব্যৰ বটল, স্ক্ৰু ডাইভাৰ আৰু কেটাপা সদৃশ সঁজুলিৰ সৈতে কেতবোৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে।

উল্লেখযোগ্য যে কিৰণ ওৰফে মইনা দাস কাজিৰঙাৰ গঁড় হত্যাৰ সৈতে পূৰ্বৰে পৰাই জড়িত৷ ইফালে ৰনোজ পেগুয়ে কাজিৰঙাৰ ইটাভেটা বনশিৱিৰত চলিত বৰ্ষৰ জুলাই মাহলৈকে গৃহৰক্ষী হিচাপে কৰ্মৰত আছিল।

কাজিৰঙাত গঁড় হত্যাৰ বাবেই এই দুই চোৰাংচিকাৰীয়ে পৰিকল্পনা কৰাৰ তথ্য লাভ কৰাৰ পিছতেই অভিযান আৰম্ভ কৰা বুলি জনাইছে কাজিৰঙাৰ ডি এফ অ’ ৰমেশ গগৈয়ে।