পঞ্চায়ত নিৰ্বাচন! প্ৰয়োজনত অধিক হেলিকপ্টাৰ উৰুৱাব বিজেপিয়ে : পবিত্ৰ মাৰ্ঘেৰিটা

“ভাৰতীয় জনতা পাৰ্টী পৃথিৱীৰ ভিতৰতে এটা সৰ্বাধিক সদস্য থকা দল। ৰাজ্যত ২৭ লাখ বিজেপি সদস্য আছে। গতিকে নিৰ্বাচনী প্ৰচাৰত দৰকাৰ হ’লে ইয়াতকৈ বেছি হেলিকপ্টাৰ উৰুৱাব পাৰে।” দেওবাৰে বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত সংবাদমেল সম্বোধন কৰি এই দাম্ভিক মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাৰ।
উল্লেখ্য যে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনত এইবাৰেই প্ৰথম হেলিকপ্টাৰ ব্যৱহাৰ হৈছে আৰু বিজেপিয়ে আনিছে এই নতুন পৰিৱৰ্তন। বিজেপিৰ প্ৰাৰ্থীৰ হৈ ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ চুকে-কোণে প্ৰচাৰত অংশ লৈছে। প্ৰভাৱশালী মন্ত্ৰীগৰাকীয়ে এদিনত অংশ লৈছে তিনি-চাৰিখন প্ৰচাৰ সভাত। ৰাতিপুৱা যদি উজনি অসমত, দুপৰীয়া মধ্য অসমত আৰু আবেলি অংশ লৈছে নামনি অসমত। মাৰ্ঘেৰিটাৰ মতে, এই সকলোবোৰ সম্ভৱ হৈছে একমাত্ৰ হেলিকপ্টাৰৰ বাবে। কিন্তু এতিয়া এই হেলিকপ্টাৰৰ বাবেই তীব্ৰ সমালোচনাৰ সন্মুখীন হ’ব লগীয়া হৈছে বিজেপি দলৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
ইপিনে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু হিমন্তই পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত হেলিকপ্টাৰ ব্যৱহাৰ কৰাক লৈ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কঠোৰ ভাষাৰে সমালোচনা কৰিছিল।
মহন্তই কৈছিল যে সাধাৰণ পঞ্চায়ত নিৰ্বাচনতে যদি এইদৰে হেলিকপ্টাৰ ব্যৱহাৰ কৰি প্ৰচাৰ চলোৱা হয়, তেন্তে অনাগত দিনত ৰাজ্যত দুৰ্নীতি বৃদ্ধি পোৱাটো খাটাং। এইদৰে প্ৰচাৰ চলোৱা এটা চমকৰ লগতে ৰাজহুৱা ধনৰ অপচয় বুলি মহন্তই মন্তব্য কৰিছিল। মহন্তৰ মতে, এখন হেলিকপ্টাৰ উৰিলে এঘণ্টাত খৰচ হয় ৯০ৰ পৰা ৯৯ হাজাৰ। এইদৰে মুখ্য মন্ত্ৰী আৰু বিত্ত মন্ত্ৰীয়ে প্ৰচাৰৰ বাবে দৈনিক ১০-১২ লাখ টকা চৰকাৰী ধন অপচয় কৰি আছে।
ইয়াৰোপৰি বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ কৌশলক গৰিহণা দি বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কৈছিল যে এয়া ছিণ্ডিকেট, দুৰ্নীতিৰে ঘটা ধনেৰে হেলিকপ্টাৰেৰে বিজেপিয়ে প্ৰচাৰ চলাইছে।
মিত্ৰজোঁট অগপৰ প্ৰাক্তন মুখ্য মন্ত্ৰী আৰু বিৰোধীৰ এনেবোৰ সমালোচনাৰ পাছতো ৰাইজে বিচৰা বাবেহে হেলিকপ্টাৰেৰে প্ৰচাৰ চলোৱা বুলি আজিৰ সংবাদমেলত মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটাই।
মাৰ্ঘেৰিটাৰ মতে, “প্ৰত্যেকটো সমষ্টিতে ৰাইজে সভাপতি ৰঞ্জিত দাস, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক বিচাৰিছে। তেওঁলোকৰ দাবী মৰ্মে বহুতো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব লগীয়া হৈছে।”
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি, বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ বাবে দুখন হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে।
হাস্যকৰভাৱে, ‘বিজেপি এটা শক্তিশালী দল‘ বাবেই দলৰ আজীৱন সদস্যসকলে দলৰ প্ৰতি দান-বৰঙনিৰ পুঁজিৰে হেলিকপ্টাৰ উৰুওৱাটো ডাঙৰ কথা নহয় বুলিও মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে।