NORTHEAST NOW (Assamese)
Popular Stories

গ্ৰন্থমেলাৰ বাকৰিত উন্মোচন হ’ল যুৱকবি কোকিল শইকীয়াৰ কাব্য সংকলন ‘আমি আমাক কি ‎বুলি ক’ম’‎

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 30, 2024 7:44 pm

সোমবাৰে গধূলি অসম গ্ৰন্থমেলা, গুৱাহাটীৰ বাকৰিত উন্মোচন হয় যুৱ কবি কোকিল শইকীয়াৰ কাব্য সংকলন আমি আমাক কি বুলি ক

গ্ৰন্থমেলাৰ বাকৰিত ভালেকেইজন কবি, গল্পকাৰ আৰু গ্ৰন্থানুৰাগীৰ উপস্থিতিত মুকলি কৰা হয় শইকীয়াৰ কাব্য সংকলনখন

এই অনানুষ্ঠানিক গ্ৰন্থ উন্মোচনীত উপস্থিত থাকে কবি নীলিম কুমাৰ, হিমাংশু প্ৰসাদ দাস, অংকুৰ ৰঞ্জন ফুকন, নীলাভ সৌৰভ, বন্দনা কৌশিক বৰদলৈ, ৰিপুঞ্জ বৰা, সৃঞ্জনা শৰ্মা, ধন দাস, বিকিয়ান বাইলুং, সাংবাদিক ৰাজেন শৰ্মাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।

২০১৫ চনত সাতসৰীত আত্মপ্ৰকাশ কৰা কোকিল শইকীয়াৰ প্ৰথমখন কাব্য সংকলন শুই থকা চহৰখনক জগাই দিয়া প্ৰকাশ হৈছিল ২০১৮ চনত। তাৰ ৬ বছৰৰ পাছত আজি কোকিল শইকীয়াৰ আমি আমাক কি বুলি ক শীৰ্ষক দ্বিতীয়খন কাব্য সংকলন প্ৰকাশ পায়।

পাঞ্চ্যজন্য বুকছে প্ৰকাশ কৰা এই কবিতা সংকলটিৰ বেটুপাত কৰিছে বিশিষ্ট যুৱ চিত্ৰশিল্পী অনুপম শইকীয়াই।