NORTHEAST NOW (Assamese)
Popular Stories

এঘাৰ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰ বাইকত পৰাৰ ফলত অগ্নিদগ্ধ হৈ পিতৃ-কন্যাৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 30, 2024 8:34 pm

উত্তৰ প্ৰদেশৰ গোৰখপুৰত সংঘটিত হৈছে এক মৰ্মান্তিক দুৰ্ঘটনা। এই ভয়ংকৰ ছবিখন চিচিটিভিৰ ফুটেজতো ধৰা পৰিছে। দেখা গৈছে গোৰখপুৰৰ সোণবৰছা বজাৰ অঞ্চলত জাবৰৰ দম এটাৰ কাষেৰে পাৰ হৈ গৈ থকা যুৱকজন। বাইকত তেওঁৰ লগত আছিল দুজন মানুহ। তেতিয়াই হঠাতে তেওঁলোকৰ বাইকত বিদ্যুতৰ তাঁৰ বাগৰি পৰিল। তাঁৰৰ সংস্পৰ্শলৈ আহিলে সকলোৱে বিদ্যুৎস্পৃষ্ট হয় যাৰ ফলত নিমিষতে তেওঁলোকৰ মৃত্যু হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি, সেয়া আছিল ১১ হাজাৰ ভল্টৰ বৈদ্যুতিক তাঁৰ। গতিকে কেইছেকেণ্ডমানৰ ভিতৰতে বাইকখনত জুই লাগিল। দৃশ্যটোৰ আশে-পাশে থকা কোনোৱেই তেওঁলোকক বচাবলৈ সামান্যতমো সুযোগ বা সময় নাপালে। কিন্তু বিদ্যুৎ বিভাগে এই দুৰ্ঘটনা কেনেকৈ সংঘটিত হল সেই কথা বুজাই দিছে।

ৰাজ্যৰ বিদ্যুৎ বিভাগৰ তথ্য অনুসৰি হঠাতে এটা বান্দৰে বিদ্যুতৰ তাঁৰত জপিয়াই পৰে। যাৰ বাবেই তাঁৰ চিঙি গৈছে। আৰু সেই সময়ত ডেকাজনে তলৰ পৰা বাইকখন চলাই আহিছিল। ইতিমধ্যে মৃতকৰ পৰিয়ালক ৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।