NORTHEAST NOW (Assamese)

নগাঁৱত নিৰলা শইকীয়া দাসৰ কাব্যগ্ৰন্থ ‘হিয়াৰ ফুলবোৰ’ উন্মোচন

November 11, 2018 6:51 pm · মিণ্টু দাস
Updated: November 11, 2018 6:54 pm

নগাঁও জিলাৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট লেখিকা নিৰলা শইকীয়া দাসৰ ‘হিয়াৰ ফুলবোৰ’ নামৰ এখনি কাব্যগ্ৰন্থ উন্মোচন হয়।

নগাঁও জিলা সাহিত্য সভাৰ একালৰ সভাপতি তথা প্ৰবীণ লেখক ৰতিমোহন লাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত গ্ৰন্থখন উন্মোচন কৰে কবি পৰাণ কুমাৰ বৰুৱাই। গ্ৰন্থখন উন্মোচন কৰি তেওঁ কবিতাই মানুহৰ হৃদয়ত নতুন প্ৰাণৰ সঞ্চাৰ কৰাৰ উপৰি সৃষ্টিশীল মন-মানসিকতাক উৰ্বৰতা প্ৰদান কৰে বুলি মন্তব্য কৰে।

আনহাতে গ্ৰন্থৰ ৰচয়িতা নিৰলা শইকীয়া দাসে ‘জীৱনৰ সুখ-দুখৰ অভিজ্ঞতাৰ লগতে প্ৰকতিৰ লয়লাস পৰিবেশৰ আকৰ্ষণৰ ফলতেই ‘হিয়াৰ ফুলবোৰ’এ পাহি মেলি ঠন ধৰি উঠিল’ বুলি অনুভৱ ব্যক্ত কৰে।

সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে আঁতধৰা তথা সমাজসেৱক ভৱেন বৰাই শুভাৰম্ভ কৰা সভাখনত নগাঁৱৰ বিদ্যালয়সমূহৰ অৱসৰপ্ৰাপ্ত পৰিদৰ্শক প্ৰেমেশ্বৰ দাস, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ নগাঁও জিলা শাখাৰ সচিব চন্দ্ৰ শইকীয়া, জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা গোপেশ্বৰ বৰা, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ নগাঁও জিলা শাখাৰ প্ৰধান সম্পাদক বল্লদেব শৰ্মাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তৃতা প্ৰদান কৰে।

Related News