NORTHEAST NOW (Assamese)

বিষাক্ত গেছ নিৰ্গত হৈ এটি শিশুসহ ৮ জন লোকৰ মৃত্যু, ১০০০ৰো অধিক লোকক চিকিৎসালয়ত ভৰ্তি

May 7, 2020 10:17 am · এন ই নাও নিউজ
Updated: May 7, 2020 11:53 am

অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ আৰ আৰ ভেংকটপুৰম গাঁৱৰ এল জি পলিমৰ উদ্যোগৰ পৰা বিষাক্ত ৰাসয়নিক গেছ নিৰ্গত হোৱাত এটি শিশুসহ ৮ জন লোকৰ মৃত্যু হয়।

ৰাসায়নিক গেছ নিৰ্গত হোৱাৰ পিছৰে পৰা অঞ্চলটোৰ লোকসকলৰ চকু পোৰপৰণি আৰু উশাহ লোৱাত কষ্ট পোৱাত বহু লোক চিকিৎসালয়ত ভৰ্তি হয়।

ইফালে খবৰ পোৱাৰ পিছতে ঘটনাস্থলত আৰক্ষীৰ লোক, অগ্নিবাহিনীৰ গাড়ী, এম্বলেঞ্চ আদি উপস্থিত হয়।

সূত্ৰৰ পৰা লাভ কৰা অনুসৰি ৰাসায়নিক গেছ নিৰ্গত হোৱাৰ ফলত গাঁওখনৰ প্ৰায় ১০০০ ৰো অধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

পুৱতি নিশা ৩ বজাৰ পৰা গেছ নিৰ্গত হৈ আছে। অঞ্চলটোৰ প্ৰায় ৩ কিলোমিটাৰলৈ সম্প্ৰসাৰিত হোৱা গেছে আতংকময় পৰিৱেশৰ সৃষ্টি কৰে।

জানিব পৰা মতে NDRF আৰু SDRFৰ দলে ক্ষীপ্ৰ গতিত উদ্ধাৰকাৰ্য চলাই আছে।

এই পৰ্যন্ত গেছ নিৰ্গত হোৱাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।

উল্লেখ্য যে এল জি পলিমৰৰ স্থাপনা ১৯৬১ চনত হিন্দুস্তান পলিমৰৰ ৰূপত হৈছিল, পিছত দক্ষিণ কোৰিয়াৰ এল জি কেমে লয় আৰু ১৯৯৭ত এল জি পলিমৰ ইণ্ডিয়া বুলি নামাকৰণ কৰে।

Related News