NORTHEAST NOW (Assamese)

পাকিস্তান অধিকৃত কাশ্মীৰত ২ মাহৰ বাবে সামগ্ৰী মজুতৰ নিৰ্দেশ; ১০ দিনৰ বাবে বন্ধ মাদ্ৰাছাসমূহ

May 3, 2025 9:01 am · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতীয় প্রত্যাক্রমণৰ আশংকাত পাকিস্তান অধিকৃত কাশ্মীৰৰ জনসাধাৰণক তাৰ প্রশাসনে কমেও দুমাহৰ খাদ্য মজুত কৰিবলৈ পৰামৰ্শ দিছে।

শুকুৰবাৰে পাকিস্তান অধিকৃত কাশ্মীৰৰ প্ৰধানমন্ত্ৰী চৌধুৰী আনোৱাৰুল হকে স্থানীয় বিধানসভাত জনায় যে নিয়ন্ত্ৰণ ৰেখাৰ ১৩টা বিধানসভা সমষ্টিৰ বাবে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰা হৈছে। স্থানীয় প্ৰশাসনে বাসিন্দাসকলক কমেও ২ মাহৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী মজুত কৰিবলৈ কৈছে।

হকৰ বক্তব্যৰ উদ্ধৃতি দি আৰব নিউজে প্ৰকাশ কৰিছে যে পাকিস্তান দখল কৰা কাশ্মীৰৰ প্ৰশাসনে ১০০ কোটি টকাৰ জৰুৰীকালীন পুঁজি গঠন কৰিছে। এই ধনেৰে খাদ্য, ঔষধ, আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান নিশ্চিত কৰা হ’ব।

স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি পাকিস্তান এয়াৰলাইন্সে যুদ্ধৰ আশংকাত পাকিস্তান অধিকৃত কাশ্মীৰলৈ বিমান সেৱা বন্ধ কৰি দিছে।

ইপিনে, ভাৰতৰ আগ্ৰাসী মনোভাৱৰ পৰিপ্ৰেক্ষিতত পাকিস্তান অধিকৃত কাশ্মীৰৰ অধিকাংশ মাদ্ৰাছা আগন্তুক ১০ দিনৰ বাবে বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। প্ৰায় ১০০০ মাদ্ৰাছাক ১০ দিনৰ ছুটীৰ অনুমতি দিয়া হৈছে।

ভাৰতৰ মতে এই মাদ্ৰাছাসমূহত উগ্ৰপন্থী প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়। এই কথা উপলব্ধি কৰিয়েই পাকিস্তানী কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

Related News