NORTHEAST NOW (Assamese)
অসম

থমকি নৰয় যুদ্ধ! প্ৰথমখন দেশ হিচাপে ইউক্ৰেইনলৈ যুঁজাৰু বিমান আগবঢ়াব পোলেণ্ডে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 17, 2023 1:22 pm

বিশ্বৰ প্ৰথমখন দেশ হিচাপে পোলেণ্ড ইউক্ৰেইনলৈ যুদ্ধবিমান আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে। তেওঁলোকে ইউক্ৰেইনক চাৰিখন মিগ-২৯ যুঁজাৰু বিমান দিয়াৰ সিদ্ধান্ত লৈছে। পোলেণ্ড হৈছে নাটোৰ সদস্য। ৰাছিয়াক প্ৰতিহত কৰাৰ ক্ষেত্ৰত দেশখনৰ এনে পদক্ষেপ গুৰুত্বপূৰ্ণ  বুলি গণ্য কৰা হয়।

পোলেণ্ডৰ ৰাষ্ট্ৰপতি এন্দ্ৰজেজ ডুডাই কৈছে যে যুঁজাৰু বিমানসমূহ অহা কেইদিনমানৰ ভিতৰত ইউক্ৰেইনক হস্তান্তৰ কৰা হ’ব। পোলেণ্ডে প্ৰাক্তন জাৰ্মান গণতান্ত্ৰিক গণৰাজ্যৰ পৰা যুঁজাৰু বিমানবোৰ লাভ কৰিছিল।

লগতে পঢ়ক: পুটিনৰ বাৰ্তা! ‘যিসকলে যুদ্ধৰ বিৰোধিতা কৰে তেওঁলোকক কঠোৰ শাস্তি দিব লাগিব’

ডুডাই কৈছে যে যুঁজাৰু বিমানবোৰ এতিয়াও পোলেণ্ডৰ বায়ু প্ৰতিৰক্ষাত ব্যৱহাৰ কৰা হৈছে। তেওঁ কয় যে সিদ্ধান্তটো উচ্চ পৰ্যায়ৰ পৰা আহিছে।

ৰাছিয়াই ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰাৰ পিছৰে পৰা কিয়েভে নাটো মিত্ৰশক্তিক যুঁজাৰু বিমান যোগান ধৰিবলৈ অনুৰোধ কৰি আহিছে। পৰিকল্পনা অনুসৰি, যদি পোলেণ্ডে ইউক্ৰেইনলৈ যুঁজাৰু বিমান যোগান ধৰে, তেন্তে ই হ’ব নাটো মিত্ৰশক্তিৰ এনে ধৰণৰ প্ৰথম পদক্ষেপ।

লগতে পঢ়ক: প্ৰৱঞ্চনাৰ চিকাৰ! জালিয়াতিৰ অভিযোগত ৭০০তকৈয়ো অধিক ভাৰতীয় শিক্ষাৰ্থীক দেশ এৰাৰ জাননী কানাডাৰ

অৱশ্যে আন নাটো মিত্ৰশক্তিয়েও একে ধৰণৰ পদক্ষেপ ল’ব নে নাই সেয়া ৰাষ্ট্ৰপতি ডুডাই জনোৱা নাই।