NORTHEAST NOW (Assamese)

মন্ত্ৰীৰ চাকৰ নহয় আৰক্ষী, বোম্বাই উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ত নিৰ্বাসনৰ নিৰ্দেশ খাৰিজ

July 3, 2026 3:23 pm · এন ই নাও নিউজ, গুৱাহাটী

বোম্বাই উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰি স্পষ্ট কৰি দিছে যে গণতান্ত্ৰিক পদ্ধতিৰে চৰকাৰৰ নীতিৰ বিৰোধিতা কৰা বা কোনো প্ৰতিবাদত অংশগ্ৰহণ কৰাটো কোনো নাগৰিকক চহৰৰ পৰা বহিষ্কাৰ বা নিৰ্বাসন কৰাৰ ভিত্তি হব নোৱাৰে। আদালতে ছচিয়েলিষ্ট ডেম’ক্ৰেটিক পাৰ্টি অৱ ইণ্ডিয়া অৰ্থাৎ এছডিপআইৰ সাধাৰণ সম্পাদক ছৈয়দ আহমদ আব্দুল ৱাহিদ চৌধুৰীৰ বিৰুদ্ধে জাৰি কৰা জিলা বহিষ্কাৰৰ নিৰ্দেশ সম্পূৰ্ণৰূপে বাতিল কৰিছে। ন্যায়াধীশ মাধৱ জামদাৰৰ বিচাৰপীঠে আৰক্ষীৰ কাৰ্যপ্ৰণালীক তীব্ৰ সমালোচনা কৰি কয় যে আৰক্ষী বিষয়াৰ জবাবদিহিতা জনসাধাৰণৰ প্ৰতিহে, তেওঁলোকে কোনো মন্ত্ৰীৰ ব্যক্তিগত কৰ্মচাৰীৰ দৰে কাম কৰিব নোৱাৰে।

মুম্বাইৰ চেম্বুৰৰ বাসিন্দা ৪৯ বছৰীয়া ছৈয়দ আহমদ চৌধুৰী সামাজিক আৰু ৰাজনৈতিক বিষয়ত দীৰ্ঘদিন ধৰি সক্ৰিয় আছিল। তেওঁ চিএএ-এনআৰচি, বাবৰী মছজিদ, জ্ঞানবাপী বিবাদ, ৱাকফ ব’ৰ্ডৰ দুৰ্নীতি আৰু ক্ৰমাগত মূল্যবৃদ্ধিৰ দৰে সংবেদনশীল বিষয়ত সময় অনুসৰি শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইয়াকে ভিত্তি কৰি আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে এ বছৰৰ বাবে মুম্বাই আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ পৰা বহিষ্কাৰ কৰাৰ নিৰ্দেশ জাৰি কৰিছিল। আৰক্ষীৰ যুক্তি আছিল যে চৌধুৰীৰ কাৰ্যকলাপৰ বাবে সমাজত ভয়ৰ পৰিৱেশ সৃষ্টি হৈছে আৰু ৰাজহুৱা শৃংখলা ব্যাহত হৈছে। এই সিদ্ধান্তক বিভাগীয় আয়ুক্তয়ো সঠিক বুলি অভিহিত কৰিছিল।

শুনানিৰ সময়ত উচ্চ ন্যায়ালয়ে আৰক্ষীৰ এই কাৰ্যৰ ওপৰত বহু গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে। আদালতে প্ৰশ্ন কৰে চৰকাৰ বিৰোধী শ্ল’গান দিয়াটো কোনো ব্যক্তিক চহৰৰ পৰা উলিয়াই দিয়াৰ বাবে পৰ্যাপ্ত কাৰণ হ’ব পাৰেনে? আবেদনকাৰী চৌধুৰীৰ অধিবক্তাই আদালতত যুক্তি দৰ্শায় যে যি সময়ত তেওঁৰ মক্কেলক বহিষ্কাৰ কৰা হৈছিল, সেই সময়ত পৌৰ নিগমৰ নিৰ্বাচনৰ এক গুৰুত্বপূৰ্ণ সময় আছিল। তেওঁক নিৰ্বাচনী প্ৰচাৰৰ পৰা আঁতৰাই ৰখাৰ বাবে এইটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ আছিল। আনকি স্থানীয় বাসিন্দা আৰু ব্যৱসায়ীসকলেও অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰাৰ আৰক্ষীৰ দাবী সম্পূৰ্ণৰূপে নাকচ কৰে।

আদালতে পৰ্যবেক্ষণ কৰে যে চৌধুৰীৰ বিৰুদ্ধে ২০১৯ ৰ পৰা ২০২৪ চনৰ ভিতৰত মুঠ পাঁচখন এজাহাৰ ৰুজু কৰা হৈছিল, যাৰ বেছিভাগেই কেৱল চৰকাৰী আদেশ উলংঘা কৰাৰ সৈতে জড়িত শান্তিপূৰ্ণ প্ৰতিবাদৰ গোচৰ আছিল। উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে কেৱল শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ বাবে এজন ব্যক্তিক চহৰৰ পৰা খেদি পঠোৱাটো সম্পূৰ্ণ অসাংবিধানিক। আদালতে ইয়াক সংবিধানৰ ১৯ নং অনুচ্ছেদ অৰ্থাৎ প্ৰকাশৰ স্বাধীনতা আৰু ২১ নং অনুচ্ছেদ অৰ্থাৎ জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰৰ পোনপটীয়া উলংঘা বুলি অভিহিত কৰে আৰু এই নিৰ্বাসনৰ নিৰ্দেশ সম্পূৰ্ণৰূপে খাৰিজ কৰে।

 

Related News