NORTHEAST NOW (Assamese)
অসম

ভুৱা নথিৰে এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰা এজন লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 7, 2019 2:02 pm
7-5

অসম আৰক্ষীয়ে অলপতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি)ৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ ভুৱা নথি দাখিল কৰা মিৰাজ আলী নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে।

বাতৰি অনুসৰি, ২০১৩ চনৰ ডিচেম্বৰত বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা আলীক বৃহস্পতিবাৰে জাগীৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আলীৰ মাতৃ বানেছা খাতুনক ইতিমধ্যে পূৰ্বেই গ্ৰেপ্তাৰ কৰি ডিটেনশ্যন কেম্পত ৰখা হৈছিল যদিও আলী কেনেবাকৈ আৰক্ষীৰ অলক্ষিতে পলাই আছিল।

মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই এই কথা সদৰী কৰিছে।

‘’মিৰাজে কেনেকৈ তেওঁৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ’ল সেই সকলোবোৰ দিশৰ তদন্ত কৰা হ’ব,’’-ডেকাই কয়।

আছাম পাব্লিক ৱৰ্কছে (এ পি ডব্লিউ) ধাৰণা কৰে যে আলীৰ দৰে এনে আৰু বহু অবৈধ বাংলাদেশীৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হৈছে।

এ পি ডব্লিউৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি তালুকদাৰে কয় যে আলী আৰু তেওঁৰ দুজন সন্তান মুছকান বেগম আৰু ছাহিদ আলীৰ নাম এন আৰ চিৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত হৈছে।

তেওঁ লগতে কয় যে ভুৱা নথিৰ পৰীক্ষণৰ জৰিয়তে লক্ষাধিক অবৈধ বাংলাদেশীৰ নাম চূড়ান্ত এন আৰ চিৰ তালিকাত সোমাইছে।

এ পি ডব্লিউয়ে পূৰ্বে অভিযোগ কৰিছিল যে এন আৰ চি উন্নীতকৰণৰ কামত ব্যৱহাৰ কৰা ছফটৱেৰ তথা প্ৰযুক্তিত সম্পূৰ্ণ সুৰুঙা আছে।

‘’এই সুৰঙাবোৰৰ সুবিধা লৈ বহু অবৈধ বাংলাদেশী প্ৰব্ৰজনকাৰীয়ে তেওঁলোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰিছে,’’-তেওঁ লগতে কয়।