NORTHEAST NOW (Assamese)
অসম

বলিয়া কুকুৰৰ আক্ৰমণত গোৱালপাৰাৰ স্কুলতে ঘায়েল দুই কণমানি, আক্ৰমণকাৰীক বধ ৰাইজৰ

Posted by: চফিকুল আহমেদ April 2, 2019 5:35 pm
Mad dog attacks school students and injures two in Goalpara

বলিয়া কুকুৰ এটাৰ আক্ৰমণত মঙলবাৰে গোৱালপাৰাৰ ৰাজাপাৰা প্ৰাথমিক বিদ্যালয়তে ঘায়েল হৈছে দুটি কণমানি ছাত্ৰ।

সম্বন্ধত ককাই-ভাই তুলাৰাম (৮ বছৰীয়া) আৰু সুৰেশ বসুমতাৰী (৬ বছৰীয়া) নামৰ কণমানি দুটা বৰ্তমান বিপদমুক্ত, চিকিৎসকে জনায়।

“তুলাৰামৰ আঘাত অধিক গুৰুতৰ আছিল। চকুৰ তলৰ অংশকে ধৰি কুকুৰটোৱে তেওঁৰ গোটেই মুখখনকে কামুৰি-আঁচুৰি পেলাইছিল। সুৰেশৰ আঘাত কম আছিল কিন্তু তেওঁৰ হাততো কেইবাটাও চিলাই পৰিছে,” চিকিৎসকৰ মন্তব্য।

কুকুৰটোৰ আক্ৰমণত প্ৰচুৰ ৰক্তক্ষৰণ হোৱা কণমানি দুটাক ততাতৈয়াকৈ গোৱালপাৰা চহৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়।

জানিব পৰা মতে মটিয়া শিক্ষা মণ্ডলৰ অন্তৰ্গত স্কুলখনৰ চৌহদত সোমোৱাৰ মুহূৰ্ততে খেদি আহি কুকুৰটোৱে দুয়োকে বগৰাই বগৰাই কামুৰিছিল।

“স্কুল চৌহদত সোমোৱাৰ সময়তে ছাত্ৰ দুগৰাকীক কুকুৰটোৱে তেওঁলোকক আক্ৰমণ কৰিছিল। ল’ৰা দুটা মাটিত বাগৰি পৰাৰ পিছতো কুকুৰটোৱে সিহঁতক কামুৰিবলৈ এৰা নাছিল। কিন্তু বাকী ল’ৰা-ছোৱালীবোৰে হুলস্থূল কৰাত পিছত কুকুৰটো আঁতৰি যায়,’’ বিদ্যালয়খনৰ শিক্ষক দিলীপ দাসৰ মন্তব্য।

ভয়ানক আক্ৰমণটোত অত্যন্ত স্তম্ভিত কণমানি দুটা এতিয়াও সুস্থিৰ হ’ব পৰা নাই। “ভয়ানক ঘটনাটোৰ পিছতে মোৰ ল’ৰা দুটাই বিৰাট চক খাইছে। এনেকুৱা ঘটনা ঘটিব বুলি কেতিয়াও ভবা নাছিলো,” দেউতাক জিতেন বসুমতাৰীৰ মন্তব্য।

আক্ৰমণকাৰী বলিয়া কুকুৰটোক পিছত মৰনৈ অঞ্চলত ৰাইজে মৰিয়াই মাৰে। মঙলবাৰৰ দিনটোতে কুকুৰটোৱে আন কেইবাগৰাকীও লোককো কামোৰা বুলি জানিব পৰা গৈছে।