NORTHEAST NOW (Assamese)
অসম

পত্নীৰ অভিযোগত এমাহ পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে কবৰ খান্দি উলিয়ালে মৃতদেহ

Posted by: বিদ্যুৎজ্যোতি বৰা Updated by: বিদ্যুৎজ্যোতি বৰা August 25, 2020 7:24 am
WhatsApp Image 2020-08-24 at 7.34.50 PM

সোমবাৰে চামগুৰিৰ আৰক্ষী স্থানীয় প্ৰশাসনে সুদীৰ্ঘ এমাহৰ পাছত কবৰ খান্দি এটা মৃতদেহ উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাটো  সংঘটিত হয় চামগুৰি থানাৰ অন্তৰ্গত বৰদল মালিবস্তি গাঁৱত।

যোৱা ২২ জুলাইত গাঁও খনৰ ৰাজেশ তিৰ্কী নামৰ বিবাহিত লোক জনৰ সাধাৰণ ভাবে মৃত্যু হৈছিল বুলি মাতৃ আছিতা তিৰ্কী আৰু ভ্ৰাতৃ প্ৰীতম তিৰ্কীয়ে স্থানীয় ৰাইজৰ সহযোগত গাঁৱতে মৃতদেহতো কবৰস্থ কৰিছিল।

ইপিনে কৰ্ম সূত্ৰে দিল্লীত থকা ৰাজেশৰ পত্নী দুই সন্তানৰ মাতৃ দিপাঞ্জলী তিৰ্কী শনিবাৰে নিশা বৰদল মালিবস্তি স্বামী গৃহত উপস্থিত হয়।

স্বামী ৰাজেশক বিচাৰি নাপাই হুৱা দুৱাৰ সৃষ্টি কৰে। পাছত চুবুৰীয়াৰ পৰা স্বামীৰ মৃত্যু হৈছে বুলি জানিব পাৰে।

দিপাঞ্জলীয়ে স্বামীৰ মৃত্যু সাধাৰণ মৃত্যু নহয় বুলি সন্দেহ প্ৰকাশ কৰি পৰিকল্পিত ভাবে শাহুয়েক আছিতা আৰু দেওৰেক প্ৰীতমে হত্যা কৰে বুলি অভিযোগ তুলি ৰবিবাৰে চামগুৰি থানত এক গোচৰ তৰে।

সোমবাৰে চামগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণ কান্ত দলৈৰ তৎপৰতাত কবৰস্থ মৃতদেহ খান্দি নগাঁও অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।

চামগুৰি আৰক্ষীয়ে মাতৃ আছিতা আৰু ভ্ৰাতৃ প্ৰীতমক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে যদিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে‌।