NORTHEAST NOW (Assamese)

নিৰ্বাচন গ’ল কি নগ’ল! লুৰীনজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী

April 10, 2026 7:29 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 11:23 am

ডিব্ৰুগড়ৰ গড়পানী অঞ্চলত অসম জাতীয় পৰিষদৰ (অজাপ) সভাপতি লুৰীণজ্যোতি গগৈৰ গৃহত তালাচী পৰোৱাক কেন্দ্ৰ কৰি এক তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি, ডি এছ পি অমৃত ৰঞ্জন বৰ্মনৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে কোনো ধৰণৰ চাৰ্চ ৱাৰেণ্ট অবিহনেই গগৈৰ বাসগৃহত প্ৰৱেশ কৰে, যাৰ ফলত তাত উপস্থিত থকা লোকসকলৰ সৈতে আৰক্ষীৰ তীব্ৰ তৰ্কাতৰ্কি হয়। আৰক্ষীৰ দলটোৱে এজন যুৱকৰ সন্ধানত তাত উপস্থিত হৈছিল যদিও পৰিয়ালৰ লোকে অভিযোগ কৰিছে যে তালাচীৰ সময়ত ঘৰৰ ভিতৰৰ পৰা কিছু সামগ্ৰীও লৈ যোৱা হৈছে।

এই সমগ্ৰ অভিযানত আৰক্ষীয়ে আইনী নিয়ম উলংঘা কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ পাছতে পৰিস্থিতি অধিক নিয়ন্ত্ৰণহীন হৈ পৰে আৰু অৱশেষত আৰক্ষীৰ দলটোৱে স্থান ত্যাগ কৰিবলৈ বাধ্য হয়।এই সমগ্ৰ ঘটনাক অতি গুৰুত্বসহকাৰে লৈছে অসম জাতীয় পৰিষদে। দলটোৰ নেতা চিত্তৰঞ্জন বসুমতাৰী আৰু জ্যোতি গগৈয়ে এক সংবাদমেল সম্বোধন কৰি আৰক্ষীৰ এই কাৰ্যক তীব্ৰ গৰিহণা দিয়ে।

তেওঁলোকে অভিযোগ কৰে যে সংশ্লিষ্ট আৰক্ষী বিষয়াজনে কোনো এক গোপন উদ্দেশ্য আগত ৰাখি এই অভিযান চলাইছিল আৰু এয়া এক পৰিকল্পিত কাৰ্য। লগতে তেওঁলোকে জানিবলৈ দিয়ে যে আগদিনাও কোনো নিয়ম নহাকৈয়ে বিষয়াগৰাকীয়ে লুৰীণজ্যোতি গগৈৰ ঘৰত প্ৰৱেশ কৰিছিল। এই পৰিপ্ৰেক্ষিতত দলটোৱে এক ২৪ ঘণ্টীয়া আল্টিমেটাম জাৰি কৰি তদন্ত প্ৰক্ৰিয়াৰ পৰা ডি এছ পি অমৃত ৰঞ্জন বৰ্মনক আঁতৰাবলৈ দাবী জনাইছে, অন্যথা পৰৱৰ্তী সময়ত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি হুংকাৰ দিছে।

Related News