NORTHEAST NOW (Assamese)

আৰক্ষী নিৰপেক্ষ হ’বই লাগিব: উপ আৰক্ষী সঞ্চালক মৃদুলানন্দ শৰ্মা

August 12, 2018 10:11 pm · পুলেন্দ্ৰ দাস

‘আৰক্ষী নিৰপেক্ষ নহলে আৰক্ষীৰ প্ৰতি ৰাইজৰ বিশ্বাস কমিব।’ এই মন্তব্য পশ্চিম সংমণ্ডলৰ উপ আৰক্ষী সঞ্চালক মৃদুলানন্দ শৰ্মাৰ।

বৰপেটাৰ জিলাৰ কদমগুৰী চকত ডি কে ইয়ং ষ্টাৰ ক্লাব এণ্ড লাইব্ৰেৰীৰ উদ্যোগত অনুষ্ঠিত মৰহুম জাহিদুল ইছলাম স্মৃতিচাৰণ সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি তেওঁ এই মন্তব্য কৰে।

মোকাৰম হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাখনত ভাষণ প্ৰসংগত উপ আৰক্ষী সঞ্চালক গৰাকীয়ে লগতে কয় যে অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ বাবে আৰক্ষীয়ে পাৰ্যমানে চেষ্টা অৱ্যাহত ৰাখে। ৰাইজৰ সহযোগত আৰক্ষীৰ এনে চেষ্টাৰ বাবেই জাহিদুল ইছলামৰ হত্যাকাৰীৰ লগতে অন্যান্য হত্যাকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

মানৱতা বৰ্তাই কাম-কাজ কৰিলে সমাজৰ পৰা হত্যা-হিংসা আঁতৰ হ’ব বুলিও মন্তব্য কৰে আৰক্ষী বিষয়াগৰাকীয়ে।

Related News