NORTHEAST NOW (Assamese)

শূন্য সহনশীলতা! হাওৰাঘাটত ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা ৫০ হেজাৰ টকা দাবী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ

December 21, 2020 2:14 pm · এন ই নাও নিউজ
Updated: December 21, 2020 7:46 pm
বৰবিল উপ আৰক্ষী চকী। ফটো: নৰ্থইষ্ট নাও।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু দক্ষ আৰু ক্ষমতাশালী বুলি পৰিচিত বিত্ত দপ্তৰৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সভাই সমিতিয়ে ফুলজাৰি মৰা দুৰ্নীতিমুক্ত অসম আৰু শূন্য শহনশীল নীতিৰ কথা এতিয়া ধোঁৱাচাঙত উঠিছে।

সাধাৰণ ৰাইজক উন্নয়নৰ সপোন দেখুৱাই অহাৰ সময়তে কালি কাৰ্বি আংলঙৰ হাওৰাঘাটত খোদ আৰক্ষীয়ে ৰক্ষকৰ ভূমিকাৰ পৰিবৰ্তে ভক্ষকৰ ৰূপত অৱতীৰ্ণ হৈ পৰিছে।

উত্তৰ বৰবিল উপ -আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেণ শৰ্মাই১ নং ৰংকুট গাঁৱৰ ক্ষুদ্ৰ ব্যৱসায়ী ধনঞ্জয় মজুমদাৰৰ পৰা মুকুলিকৈ পেট্ৰল বিক্ৰী কৰাৰ অপৰাধত দোকানৰ পৰাই গ্ৰেপ্তাৰ কৰি থানালৈ নি মুক্তিৰ বিনিময়ত পৰিয়ালৰ পৰা ৫০ হেজাৰ টকা দাবী কৰে।

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বীৰেণ শৰ্মাই দাবী কৰা বৃহৎ পৰিমাণৰ ৫০ হেজাৰ টকা দিবলৈ অমান্তি হোৱাত ক্ষুদ্ৰ ব্যৱসায়ী ধনঞ্জয় মজুমদাৰক গোটেই নিশাটো থানাৰ লকাপতে আৱদ্ধ কৰি ৰাখি আৰক্ষী বিষয়াজনে শাৰীৰিকভাৱে নিৰ্যাতন চলায়।

নিৰ্যাতনৰ ফলত বকলীয়াঘাট অসামৰিক চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হ’ব লগীয়া হৈছে বুলি সংবাদ মাধ্যমক জনায় ধনঞ্জয় মজুমদাৰে ।

ইপিনে, উত্তৰ বৰবিল উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে কালি বিয়লি চাৰি বজাত ১ নং ৰংকুট গাঁৱত দোকান দি থকা অৱস্থাতে ক্ষুদ্ৰ ব্যৱসায়ী ধনঞ্জয় মজুমদাৰক গ্ৰেপ্তাৰ কৰি নি থানাত আৱদ্ধ কৰি ৰখাৰ পিছতে নিশাৰ ভাগত আৰক্ষী বিষয়া বীৰেণ শৰ্মাই পৰিয়ালটোৰ পৰা ফোনত হোৱা বাৰ্তালাপত ৫০ হেজাৰ টকা দাবী কৰে ।

৫০ হেজাৰ টকা দিলে নিশাৰ ভিতৰতে এৰি দিয়া হ’ব অন্যথা অন্য কেচত ফচাই জেললৈ পঠোৱাৰ ভাবুকি দিয়াৰ তথ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

এই সন্দৰ্ভত উচিত ন্যায় বিচাৰি ধনঞ্জয় মজুমদাৰৰ পৰিয়ালে কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষকক জনাই এখন এজাৰ দাখিল কৰে ।

কিন্তু জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াজনৰ ওপৰত এতিয়াও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি জানিব পৰা গৈছে।

Related News