NORTHEAST NOW (Assamese)
অসম

ওদালগুৰিত আৰক্ষীৰ বৃহৎ অভিযান: বিস্ফোৰক আৰু গুলি উদ্ধাৰ, এজন গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 8, 2025 9:20 am

অসম আৰক্ষীয়ে শেহতীয়াকৈ ওদালগুৰি জিলাত এক অভিযান চলাই প্ৰচুৰ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী আৰু সজীৱ গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এই অভিযানৰ নেতৃত্ব দিছিল ভেৰগাঁৱৰ এছডিপিঅ‘-এ।

জানিব পৰা মতে, ওদালগুৰি জিলাৰ মাজবাট থানাৰ অন্তৰ্গত লালপানীৰ ডিমাচুঙা জংঘলত এই বিশেষ অভিযান চলোৱা হৈছিল।

এই গোচৰৰ সৈতে জড়িত থকাৰ সন্দেহত পাপু কোচ ওৰফে বিজয় অসম নামৰ এজন লোকক আৰক্ষীয়ে প্ৰথমে গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ কৰা লোকজনক লগত লৈ অভিযান চলোৱাৰ পিছত আৰক্ষীৰ দলটোৱে দুটা সজীৱ গ্ৰেনেড, ৫৫ জাঁই সজীৱ গুলি, এটা ডিটনেটৰ উদ্ধাৰ কৰে

সূত্ৰ অনুসৰি, গ্ৰেপ্তাৰ হোৱা সন্দেহজনক লোকজনে আৰক্ষীৰ দলটোক বিস্ফোৰকসমূহ লুকুৱাই ৰখা স্থানলৈ লৈ গৈছিল।

কৰ্তৃপক্ষই জনোৱা মতে, জব্দ কৰা এই সামগ্ৰীসমূহৰ উৎস কি আৰু কিয় সেই স্থানত লুকুৱাই ৰখা হৈছিল, সেই সন্দৰ্ভত তদন্ত অব্যাহত আছে।

গ্ৰেপ্তাৰ কৰা লোকজন কোনো বিদ্ৰোহী সংগঠনৰ সৈতে জড়িত নেকি বা কোনো ধৰণৰ কুটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা আছিল নেকি, সেই বিষয়েও আৰক্ষীয়ে অনুসন্ধান চলাই আছে।