NORTHEAST NOW (Assamese)

অবৈধ প্ৰেমৰ পৰিণিত লোমহৰ্ষক হত্যাকাণ্ড; পুতি থোৱা অৱস্থাত ঘৰৰ পিৰালিৰ পৰা উদ্ধাৰ মৃতদেহ

August 8, 2021 7:28 pm · মানস প্রতীম গগৈ
ফটো: নৰ্থইষ্ট নাও।

লেখাপানী থানাৰ অন্তৰ্গত জাগুন কথা বালিবস্তিত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতিত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। দেওৰ আৰু বৌয়েকৰ প্ৰেমৰ পৰিণতিত প্ৰাণ গ’ল এজনৰ।

শনিবাৰে নিশা কথা বালিবস্তি গাঁওৰ নিবাসী শংকৰ কৃষ্ণ গুৱালাক তেওঁৰ পত্নী আৰু পেহীয়েকৰ ল’ৰা সঞ্জু মানকিয়ে পৰিকল্পিতভাবে হত্যা কৰে।

প্ৰথমে তেওঁক অধিক সুৰাপান কৰোৱাই আৰু পাছত কুঠাৰেৰে মূৰত মৰিয়াই হত্যা কৰে।

হত্যা কৰি শংকৰ কৃষ্ণ গোৱালাক দেওৰ আৰু বৌয়েকে মিলি ঘৰৰ পিৰালিত পুতি থয়।

হত্যাকাৰীৰ পুত্ৰৰ মুখেদি গাঁওৰ মানুহে ঘটনা সম্পৰ্কে জ্ঞাত হয় আৰু আজি লেখাপানী আৰক্ষীক খবৰ দিয়াত পেঙেৰীৰ চাৰ্কল ইন্সপেক্টৰ ৰঞ্জিত কুমাৰ বৰদলৈ, লেখাপানী আৰক্ষী আৰু মাৰ্ঘেৰিটাৰ দণ্ডাধীশ ৰোনাল্ড নাথৰ উপস্থিতিত মৃতদেহটো খান্দি উলিওৱা হয়।

বৰ্তমান আৰক্ষীয়ে হত্যাকাৰী পত্নী আৰু সঞ্জু মানকিক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰিছে।

সমগ্ৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related News