NORTHEAST NOW (Assamese)
অসম

অসম-বংগ সীমান্তত উদ্ধাৰ কেঙ্গাৰু: চিৰিয়াখানালৈ প্ৰেৰণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 15, 2022 7:26 am
kangaroo rescued from Assam-Bengal border

বংগ-অসম সীমান্তৰ পাখৰিগুৰিত এটা কেঙ্গাৰু উদ্ধাৰ কৰিছে আৰক্ষীয়ে। প্ৰথমবাৰৰ বাবে প্ৰদেশ দুখনত দেখিবলৈ পোৱা এই কেঙ্গাৰুটো চোৰাং কৈ অনা হৈছে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।

সীমান্ত অঞ্চলটোৰ পথত বাহনৰ নিয়মীয়া পৰীক্ষাৰ সময়ত কেঙ্গাৰুটো পোৱা গৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উদ্ধাৰ হোৱা কেঙ্গাৰুটো অসমৰ পৰা বংগ অভিমুখী এখন ট্ৰাকত পৰিবহন কৰা হৈছিল।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে ট্ৰাকখনত কেঙ্গাৰুটো উদ্ধাৰ কৰাৰ পিছত ট্ৰাকৰ আৰোহীসকলৰ ওচৰত প্ৰয়োজনীয় নথিপত্ৰৰ সন্ধান কৰিছিল।

কিন্তু ট্ৰাকৰ আৰোহীসকলে কোনো নথিপত্ৰ প্ৰদান কৰাত ব্যৰ্থ হৈছিল। সেয়েহে আৰক্ষীয়ে কেঙ্গাৰুটো পশু সৰবৰাহকাৰীৰ দ্বাৰা চোৰাং কৈ অনা হৈছিল বুলি নিশ্চিত হয়।

আৰক্ষীয়ে ট্ৰাকখনৰ দুজন আৰোহীক গ্ৰেপ্তাৰ কৰাৰ লগতে বাহনখন জব্দ কৰিছে।

কেঙ্গাৰুটো প্ৰথমে ৰাজ্যৰ বন বিভাগৰ হাতত অৰ্পণ কৰাৰ পিছত এতিয়া কলিকতাৰ আলিপুৰ চিৰিয়াখানালৈ প্ৰেৰণ কৰা হৈছে।