NORTHEAST NOW (Assamese)

যোৰহাটত কেকো সাপ সহ গ্ৰেপ্তাৰ কেকো সাপৰ চোৰাং ব্যৱসায়ী

March 25, 2022 9:01 pm · এন ই নাও নিউজ, যোৰহাট
ফটো: নৰ্থইষ্ট নাও।

যোৰহাটত আজি কেকো সাপ সহ এজন কেকো সাপৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হৈছে l যোৰহাট গড়মূৰ থানাৰ অন্তৰ্গত হাতীগড় চাহ বাগিচাৰ পৰেশ বাঢ়ৈ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় পাঁচটাকৈ কেকো সাপ l

পৰেশ বাঢ়ৈ কেকো সাপৰ ব্যৱসায়ৰ লগত বহু দিনৰ পৰা জড়িত থকা বুলি জানিব পৰা গৈছে l

লগতে পঢ়ক: আমনিত ২৭টা গৰুসহ এখন ট্ৰাক জব্দ; আটক তিনি চোৰাং বেপাৰী

যোৰহাটৰ উপ আৰক্ষী অধীক্ষক মামনি হাজৰিকা, সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু গড়মূৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাণা দেউৰীৰ নেতৃত্বত চলা অভিযানত উদ্ধাৰ হয় কেকো সাপ কেইটা l

আৰক্ষীয়ে ইতিমধ্যে কেকো সাপ কেইটা বন বিভাগক চমজাই দিয়ে আৰু কেকো সাপৰ ব্যৱসায়ী পৰেশ বাঢ়ৈক আৰক্ষীৰ জিম্মাত লয় l

Related News