NORTHEAST NOW (Assamese)

কলিয়াবৰত অবৈধ বিলাতী সুৰাৰ দোকানত নিশা আৰক্ষীৰ অভিযান

January 31, 2021 10:32 am · ৰিদিপ শৰ্মা

কলিয়াবৰত অবৈধভাৱে ভাৱে বিক্ৰী কৰা বিলাতী সুৰা দোকানত নিশা আৰক্ষীয়ে চলালে অভিযান ।

কলিয়াবৰৰ উলুৱনী থানাৰ অন্তৰ্গত নলতলি বজাৰত অবৈধভাৱে ভাৱে বিক্ৰী কৰা বিলাতী সুৰা দোকানত নিশা আৰক্ষীৰ অভিযান ।

উলুৱনী থানাৰ আৰক্ষীৰ এটা দলে চলাই এই অভিযান ।

দুল নাথ নামৰ ব্যক্তিগৰাকীৰ দোকানৰ পৰা  আৰক্ষীয়ে জব্দ  কৰে বৃহৎ পৰিমাণৰ বিলাতী সুৰা।

আৰক্ষী যোৱাৰ সম্ভেদ পায় দোকানৰ পৰা পলায়ণ কৰে দুল নাথ নামৰ ব্যক্তিগৰাকী।

গোপন সূত্ৰৰ পমখেদি আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ বিলাতী সুৰাৰ বটল।

উলুৱনী আৰক্ষীয়ে কলিয়াবৰত ধাৰাবাহিকভাৱে অবৈধভাৱে বিক্ৰী কৰা মদ আৰু চুলাইৰ বিৰুদ্ধে অভিযান চলাই আহিছে ।

Related News