NORTHEAST NOW (Assamese)

বৈৰী বন্ধুৰ প্ৰচাৰৰ যুঁজত নিৰ্বাচনী বতৰৰ আমোদ! কিহৰ বাবে কাক ভোট দিব বিভ্ৰান্তিত ভোটাৰ

March 30, 2021 1:03 pm · ৰাজেন শৰ্মা

আজি অসম বিধানসভাৰ নিৰ্বাচনৰ বাবে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি সামৰণি পৰিব। অহা ১ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবেও লোকেল ষ্টাৰ কেম্পেইনাৰৰ প্ৰচাৰ যুদ্ধই ভোটাৰক বেচ আমোদ দিয়া দেখা গৈছে।

সভ্যতাৰ যুঁজৰ আহ্বানেৰে নিৰ্বাচনী প্ৰচাৰ যুদ্ধৰ আৰম্ভণি ঘটোৱা বিজেপিৰ প্ৰধান সেনাপতিগৰাকীয়ে নিজৰ ৰণনীতিৰে ঠিকেই আগবাঢ়িছিল যদিও তেওঁৰ সন্মুখতো যে ডাঙৰ প্ৰত্যাহ্বান আহিব পাৰে তাৰ উমান পোৱা নাছিল।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আশা কৰা মতে ফলাফল লাভ কৰাৰ কোনো সম্ভাৱনা নথকাৰ পাছত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰত শাসকীয় মিত্ৰজোঁটৰ হাতত ক’বলৈ নতুন বিষয় প্ৰায় নোহোৱাই হৈ পৰিল।

হয়, বিজেপি মিত্ৰজোঁটৰ প্ৰধান সেনাপতি হিমন্ত বিশ্ব শৰ্মাই নাচি বাগি নিৰ্বাচনী প্ৰচাৰ চলালে ঠিকেই, কিন্তু ভোটাৰক প্ৰকৃততে কিমান আকৰ্ষিত কৰিব পাৰিলে?

বিপক্ষক ধৰাশায়ী কৰিবলৈ মাত্ৰ কেইটামান কৌশলী ‘বেদবাক্য’ উচ্চাৰণ কৰিলেই নিৰ্বাচনী ৰণ জিকা সম্ভৱ?

হয়তো নহয়, কিয়নো সন্মুখত বিপক্ষৰ সেনাপতি ৰূপত থিয় দিছে তেওঁৰেই একালৰ বন্ধু, সহযোগী ৰাজনৈতিক নেতাই প্ৰতিদ্বন্দ্বী ৰূপত। তাকো তীব্ৰ আক্ৰমণৰ লক্ষ্য আগত ৰাখি।

হাগ্ৰামা মহিলাৰী, ৰকিবুল হুছেইন আৰু বদৰুদ্দিন আজমলৰ কথাকেই ক’ব বিচৰা হৈছে।

এই তিনিওজনেই ৰাজনৈতিক বন্ধুত্বৰে হিমন্ত বিশ্ব শৰ্মাৰ এসময়ৰ অতি নিকট ব্যক্তি। ৰাজনৈতিক বৈৰীতাৰ বাবে এতিয়া দুই মেৰুত থিয় হোৱা তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰৰ যুঁজখন সঁচাকৈয়ে আকৰ্ষণীয় হৈ পৰিছে।

হিমন্ত বিশ্ব শৰ্মাৰ একঘেয়ামী প্ৰচাৰৰ কৌশল তথা নিৰ্বাচনী ভাষণসমূহে দলীয় সমৰ্থকৰ মন জয় কৰিলেও নতুন ভোটাৰক আকৰ্ষণ কৰিব পৰা নাই।

আনহাতে, সম্পূৰ্ণ স্বভাৱসুলভ ভংগীৰে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী প্ৰচাৰত সংবাদ মাধ্যমৰো মধ্যমণি হৈ পৰিছে। তাকো হিমন্ত বিশ্ব শৰ্মাৰ দৰে ‘নিপুন’ সেনাপতিৰ বিৰুদ্ধে মুকলি প্ৰত্যাহ্বানেৰে।

হাগ্ৰামাই বিভিন্ন সময়ত হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লৈ কিছুমান কটাক্ষমূলক কথা কৈছে। দেখাত সেইবোৰ তৰল যেন লাগিব পাৰে, কিন্তু সেইবোৰে বহুতৰে মনত ‘কিংমেকাৰ’ৰ নতুন ৰূপটো আৱিষ্কাৰ কৰিছে।

মহাজোঁটৰ মহা সেনাপতিৰ ৰূপত হাগ্ৰামাই আন সকলো ষ্টাৰ কেম্পেইনাৰকে ম্লান কৰি তুলিছে। তাৰ মাজতে কৌশলপূৰ্ণ আক্ৰমণেৰে উদ্বিগ্ন কৰি তুলিছে বিজেপিৰ ‘থিংক টেক’ক।

সোমবাৰে হাগ্ৰামাই প্ৰায় এক বিস্ফোৰণ ঘটাই কয় যে নেডাৰ মিটিঙত সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী হিচাপে বিচৰাৰ পাছৰে পৰাই হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বিৰুদ্ধে লাগি পৰিছে আৰু বিটিচি নিৰ্বাচনৰ পৰাই তেওঁৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।

বিটিচিৰ লগতে অসমৰ বড়ো অধ্যুষিত অঞ্চলটো বিপিএফৰ যথেষ্ট প্ৰভাৱ থকাৰ দাবী কৰিছে হাগ্ৰামা মহিলাৰীয়ে।

বিটিচিত নিৰ্বাচনী প্ৰচাৰ চলাই হাগ্ৰামা মহিলাৰীয়ে কয় যে তেওঁ যিটো দলৰ লগতে থাকে সেইটো দলেই চৰকাৰ গঠন কৰে।

তেওঁ কয়, “মই নেডাৰ মিটিঙত সৰ্বানন্দক পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছিলোঁ আৰু তাকে লৈ হিমন্তই মোৰ লগত কাজিয়া কৰিছে। হিমন্ত বিটিচিত আহি লাভ নাই। মই ইয়াৰ ৰজা। আৰ এছ এছ আৰু বিজেপিয়ে জনজাতীয়লোকসকলক নিঃশেষ কৰিব বিচাৰিছে। মোক বিটিচি নিৰ্বাচনত ঠগাইছে। মই পুনৰ অসমৰ কিংমেকাৰ হ’ম।‘’

হাগ্ৰামাৰ সমান্তৰালকৈ বদৰুদ্দিন আজমলেও এইবাৰ হিমন্তৰ ৰণ কৌশলৰ প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰিছে। আজমলে স্পষ্ট কৰি দিছে যে মহাজোঁটে চৰকাৰ কৰিলে কংগ্ৰেছৰ পৰাই এগৰাকী ‘ভূমিপুত্ৰ’ক মুখ্যমন্ত্ৰী হিচাপে বহুওৱা হ’ব।

আনহাতে, এসময়ৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত ৰকিবুল হুছেইনেও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিবলৈ এৰা নাই। প্ৰতিখন নিৰ্বাচনী প্ৰচাৰ সভাতে হিমন্ত বিশ্বক পুৰণি কথা মনত পেলাই দি এক প্ৰকাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে হুছেইনে।

নিৰ্বাচনী প্ৰচাৰৰ এই স্নায়ু যুঁজত বৈৰী বন্ধুৰ এনে আক্ৰমণ-প্ৰত্যাক্ৰমণ সঁচাকৈয়ে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে।

Related News