NORTHEAST NOW (Assamese)

ৰাজনৈতিক অভিসন্ধি নে অন্য কাৰক: সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ আঁৰত কি ?

May 30, 2022 9:12 pm · এন ই নাও নিউজ, গুৱাহাটী

কোনে হত্যা কৰিলে পাঞ্জাৱী ৰেপাৰ সিদ্ধু মুছেৱালাক? দুটা গেঙৰ মাজৰ ভয়াৱহ সংঘৰ্ষৰ বলি হ’ল নে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হ’ল জনপ্ৰিয় ৰেপাৰগৰাকী? দেওবাৰে মুছেৱালাক অচিনাকি দুৰ্বৃত্তই গুলিয়াই হত্যা কৰাৰ পাছতে দেশজুৰি এইধৰণে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই প্ৰতিক্ৰিয়াৰ কাৰণ হৈছে সিদ্ধু কেৱল ৰেপাৰেই নহয়, এজন কংগ্ৰেছ নেতাও।

তাৎপৰ্যপূৰ্ণপূৰ্ণভাৱে বৰ্তমান পঞ্জাৱত কংগ্ৰেছ বিৰোধী আসনত আছে। দুদিন পূৰ্বে পাঞ্জাৱৰ আপ চৰকাকৰে মুছেৱালাৰ সুৰক্ষা বাহিনী প্ৰত্যাহাৰ কৰিছিল। তাৰ পাছতে এই হত্যাকাণ্ড সংঘটিত হৈছে। চাও আহক, এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন।

ইতিমধ্যে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভাগৱত মানে এই সন্দৰ্ভত এটা তদন্ত ঘোষণা কৰিছে। পুলিচৰ প্ৰাথমিক তদন্তত হত্যাকাণ্ডটোক লৈ বহুকেইটা জল্পনা কল্পনাৰ সৃষ্টি হৈছে। হত্যাকাণ্ডটোৰ স’তে ল’ৰেন্স বিষ্ণই নামৰ এজন গেংষ্টাৰৰ নাম সাঙুৰ খাই পৰিছে। বৰ্তমান বিষ্ণই তিহাৰ জেলৰ ৮ নম্বৰ কুঠৰিত আছে। জেলৰ পৰাই গেংষ্টাৰগৰাকীয়ে মুছেৱালাক হত্যাৰ পৰিকল্পনা কৰিছিল বুলি সন্দেহ কৰা হৈছে।

তদুপৰি সন্দেহ কৰা হৈছে যে বিষ্ণইৰ স’তে এই পৰিকল্পনাত সংগী আছিল কানাডাত থকা আন এগৰাকী পঞ্জাৱী গেংষ্টাৰ গল্ডী ব্ৰাৰ। তাৎপৰ্যপূৰ্ণভাৱে হত্যাকাণ্ডটো সংঘটিত হোৱাৰ পাছতে গল্ডী ব্ৰাৰে ইয়াৰ দায়িত্ব স্বীকাৰ কৰি এটা ফেচবুক প’ষ্ট দিছে। প’ষ্টটোত গল্ডী ব্ৰাৰে লিখিছে যে মুছেৱালাই তেওঁলোকৰ গেঙৰ বিৰুদ্ধে কাম কৰিছিল বাবেই এই হত্যাকাণ্ড সংঘটিত কৰা হৈছে।

ব্ৰাৰে লিখে যে তেওঁৰ গেঙৰ বন্ধু ৱিক্ৰমজিৎ সিং মিদ্দুখেৰা, গুৰলাল ব্ৰাৰ, অংকিত ভাদুৰ হত্যাত মুচেৱালা জড়িত আছে। ইয়াৰ মাজৰে ৩৩ বৰ্ষীয় বিক্ৰমজিৎ ওৰফে ভিকী মিদ্দুখেৰা আকালী দলৰ এগৰাকী নেতাও আছিল। ২০২১ চনৰ ৭ আগষ্টত ভিকীক অচিনাকি দুৰ্বৃত্তই হত্যা কৰে। গেংষ্টাৰ গল্ডী ব্ৰাৰে ফেচবুক প’ষ্টটোত লিখিছে যে মুছেৱালাই তেওঁৰ মেনেজাৰ চগুনপ্ৰীত সিংঙৰ হতুৱাই এই হত্যাকাণ্ড সংঘটিত কৰিছিল।

কিন্তু মুছেৱালাৰ ৰাজনৈতিক শক্তি থকা বাবেই আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা নললে। সেইবাবেই গেংষ্টাৰৰ দলটোৱেই মুচেৱালাৰ বিৰুদ্ধে প্ৰতিশোধ পুৰায়। ইতিমধ্যে দিল্লী আৰক্ষীয়ে গেংষ্টাৰ বিষ্ণইক জেৰা কৰা বুলি জানিব পৰা গৈছে।

যিহেতু মুছেৱালা এগৰাকী সংগীতশিল্পী আছিল, সেয়ে তেওঁৰ মৃত্যুক লৈ হতভম্ব হৈ পৰিছে তেওঁৰ অনুৰাগীসকল। আনকি অনুৰাগীসকলে মুছেৱালাই মুক্তি দিয়া তেওঁৰ অন্তিমটো গানৰ ভিডিঅ’লৈও আঙুলিয়াই দিছে। দ্যা লাষ্ট ৰাইড নামৰ উক্ত গানটোত আমেৰিকাৰ কিংম্বদন্তি ৰেপাৰ টুপাক শ্বাকুৰলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। টুপাক শ্বকুৰক ১৯৯৬ চনত মাত্ৰ ২৫ বছৰ বয়সতে তেওঁৰ শত্ৰুপক্ষই গুলিয়াই হত্যা কৰিছিল।

মুছেৱালাই তেওঁৰ গানটোৰ টুপাক শ্বকুৰৰ হত্যাকাণ্ডৰ হুবহু এটা দৃশ্য সন্নিৱিষ্ট কৰিছিল। দৃশ্যটোত মুছেৱালাই টুপাক শ্বকুৰৰ ভূমিকাত অৱতীৰ্ণ হৈছিল। টুপাক শ্বকুৰৰ দৰেই মৃত্যুৰ সময়ত মুছেৱালাৰ বয়স আছিল মাত্ৰ ২৯ বছৰ। পঞ্জাৱৰ মানসা জিলাৰ মুছা নামৰ গাওঁখনত জন্মলাভ কৰা মুছেৱালাৰ সম্পূৰ্ণ নাম হৈছে শুভদীপ সিং সিদ্ধু। ২০১৭ চনত ‘So High’ নামেৰে তেওঁ প্ৰথমটো প্ৰথমটো গান মুকলি কৰে।

তাৰ পাছৰে প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰাৰ উপৰিও তেওঁৰ গানৰ বিষয়বস্তুক লৈ বিতৰ্কও সৃষ্টি হৈছিল। বিশেষকৈ ৰেপাৰগৰাকীৰ কিছু কিছু গানে হিংসাক উদ্গনি যোগোৱা বুলি অভিযোগ কৰি অহা হৈছিল। ২০২০ চনত কেপ্টেইন অমৰিন্দৰ সিং চৰকাৰে ৰেপাৰগৰাকীৰ ওপৰত এই অভিযোগতে সশস্ত্ৰ আইনৰ অধীনত এটা গোচৰো তৰিছিল। এই জনপ্ৰিয়তা আৰু চৰ্চিত ব্যক্তিত্ব হিচাপেই তেওঁ যোৱা বৰ্ষত কংগ্ৰেছত যোগদান কৰে।

তদুপৰি কৃষি আইন বিৰোধী আন্দোলনতো মুছেৱালাই অংশগ্ৰহণ কৰে। চলিত বৰ্ষৰ পঞ্জাৱ নিৰ্বাচনত কংগ্ৰেছৰ টিকটতে তেওঁ মানসা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰে। কিন্তু নিৰ্বাচনটোত তেওঁ আপ প্ৰাৰ্থী ডঃ বিজয় সিংলাৰ হাতত শোচনীয়ভাৱে পৰাজয়বৰণ কৰে।

আনহাতে, যোৱা এবছৰ ধৰি ভাৰতৰ কৃষিপ্ৰধান ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতি উত্তপ্ত হৈ আছে। কৃষি আন্দোলন, খালিস্তানী উগ্ৰবাদ, ৰেড ফৰ্টত খালিস্তানী পতাকা উৰোৱাৰ অভিযোগত সাঙোৰ খাই পৰা দ্বীপ সিদ্ধুৰ ৰহস্যজনক মৃত্যু, আম আদমী পাৰ্টিৰ ক্ষমতা দখল, প্ৰাক্তন ক্ৰিকেট তাৰকা তথা কংগ্ৰেছ নেতা নৱজুৎ সিং সিদ্ধুৰ জেলযাত্ৰাৰ পাছত এইবাৰ পাঞ্জাৱী ৰেপাৰ সিদ্ধু মুছেৱালাৰ ৰহস্যজনক হত্যাকাণ্ড।

কোনে কৰিলে এই হত্যাকাণ্ড? দুটা গেঙৰ মাজৰ ভয়াৱহ সংঘৰ্ষৰ বলি হ’ল নে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হ’ল জনপ্ৰিয় ৰেপাৰগৰাকী?

Related News