NORTHEAST NOW (Assamese)
অসম

নতুনকৈ কংগ্ৰেছত যোগদানৰ জল্পনা-কল্পনাৰ মাজতে নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰৰ ছোনিয়া, ৰাহুলক সাক্ষাৎ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 16, 2022 3:11 pm

নতুনকৈ কংগ্ৰেছ দলত যোগদান কৰাৰ জল্পনা-কল্পনাৰ মাজতে নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰে শনিবাৰে নতুন দিল্লীত কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধী আৰু জ্যেষ্ঠ নেতা ৰাহুল গান্ধীক সাক্ষাৎ কৰে।  

বাতৰি অনুসৰি, বৈঠকত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অম্বিকা ছোনি, দিগ্বিজয় সিং, অজয় মাকেন, মল্লিকাৰ্জুন খাৰ্গে আৰু কে.চি বেণুগোপালো উপস্থিত আছিল।

কিশোৰে শেহতীয়াকৈ ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনকে ধৰি ডাঙৰ নিৰ্বাচনসমূহৰ পূৰ্বে কংগ্ৰেছক পুনৰুত্থান কৰা সন্দৰ্ভত ছোনিয়া আৰু ৰাহুল গান্ধীৰ সৈতে পুনৰ আলোচনা আৰম্ভ কৰিছে।

লগতে পঢ়ক: পঞ্জাৱত আপ চৰকাৰৰ বৃহৎ ঘোষণা; জুলাইৰ পৰাই ৰাজ্যবাসীয়ে বিনামূলীয়াকৈ পাব ৩০০ ইউনিট বিদ্যুৎ

দুয়োপক্ষই ইয়াৰ আগতে ঐক্যবদ্ধ হোৱাৰ বিষয়ে কেইবাটাও পৰ্যায়ৰ আলোচনাৰ পিছত ব্যৰ্থ হৈছিল।

বাতৰি অনুসৰি, ৰণনীতিবিদগৰাকীৰ ঘনিষ্ঠ সূত্ৰই জানিবলৈ দিয়া মতে কংগ্ৰেছৰ সৈতে এই আলোচনা চলিত বছৰৰ শেষৰ ফালে গুজৰাট নিৰ্বাচনৰ ওপৰত কেন্দ্ৰীভূত আছিল।

তেওঁলোকে কোৱা মতে কংগ্ৰেছ নেতৃত্ব আৰু প্ৰশান্ত কিশোৰে মুখ্যতঃ ২০২৪ চনৰ ৰাষ্ট্ৰীয় নিৰ্বাচনৰ সন্দৰ্ভত ব্লুপ্ৰিণ্টৰ ৰচনাৰ বিষয়ে আলোচনা কৰিছে।

ৰণনীতিবিদজনে এক ডাঙৰ ভূমিকা পালন কৰা মমতা বেনাৰ্জীয়ে নিৰ্বাচনত বিজয়ী হোৱাৰ এসপ্তাহৰ পিছতে যোৱা বছৰ প্ৰশান্ত কিশোৰ আৰু গান্ধীৰ মাজৰ আলোচনা ব্যৰ্থ হৈছিল।

লগতে পঢ়ক: ঘৰৰ ডিপ ফ্ৰীজত উদ্ধাৰ কুকুৰ, মেকুৰী, সাপকে ধৰি প্ৰায় ২০০ মৃত প্ৰাণী! কোন এই পাষণ্ড?

কংগ্ৰেছে পিছত প্ৰশান্ত কিশোৰৰ এজন প্ৰাক্তন সহযোগীৰ সৈতে ইয়াৰ নিৰ্বাচনী প্ৰচাৰৰ কাম চম্ভালিবলৈ চুক্তিবদ্ধ হৈছিল।