NORTHEAST NOW (Assamese)

পূজা বেদীৰ জীয়েক তথা কবিৰ বেদীৰ নাতিনীয়েকৰ প্ৰৱেশ ঘটিল বলিউদত

January 28, 2020 10:04 am · এন ই নাও নিউজ
বলিউদত আত্মপ্ৰকাশ ঘটিবলগীয়া অভিনেত্ৰী অলয়া এফ

বলিউদত প্ৰৱেশ ঘটিল আৰু এগৰাকী ষ্টাৰ পৰিয়ালৰ সন্তানৰ। বলিউদত আত্মপ্ৰকাশ ঘটা এইগৰাকী অভিনেত্ৰী হৈছে পূজা বেদীৰ জীয়েক তথা কবিৰ বেদীৰ নাতিনীয়েক অলয়া এফ(ফাৰ্নিছাৰৱালা)।

অভিনেত্ৰীগৰাকীৰ প্ৰথমখন ছবি অহা শুকুৰবাৰে মুক্তি লাভ কৰিব।

‘জাৱানী জানেমন’ নামৰ ছবিৰ জৰিয়তে বলিউদত আত্মপ্ৰকাশ কৰিবলগীয়া অলয়াৰ উপৰি ছবিখনত আছে ছুপাৰষ্টাৰ ছেঈফ আলী খান আৰু টাবু।

ছবিখনত অলয়াই মুখ্য চৰিত্ৰত অভিনয় কৰিব বুলি প্ৰম’ৰ জৰিয়তে উমান পোৱা গৈছে আৰু নৱাগত গৰাকীয়ে দৰ্শকক নিজৰ অভিনয়ৰে আকৰ্ষিত কৰিব বুলিও ধাৰণ কৰা হৈছে।

২২ বছৰীয়া অলয়াই অলপতে ফিল্মফেয়াৰৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয়, ‘মই বহুবাৰ ৰিজেক্ট হৈছো। পিছত এই চিনেমাখনত সুযোগ পোৱাটো মোৰ বাবে ভাগ্য’।

‘মই সুখী যে প্ৰথমখন চিনেমাত চেঈফ আৰু টাবুৰ দৰে অভিনেতাৰ সৈতে কাম কৰা সুযোগ পাইছো। শ্বুটিং আৰম্ভ নোহোৱালৈকে এয়া এক সপোন বুলি ভাবি আছিলো’, এই মন্তব্য অলয়াৰ।

অলয়াই লগতে কয় যে তেওঁ ষ্টাৰ পৰিয়ালৰ পৰা আহিলেও কোনো দিনে কোনো পৰিচালককে চিনেমাৰ বাবে খাতিৰ ধৰা নাই।

উল্লেখ্য যে ৩১ জানুৱাৰিত ছবিগৃহত মুক্তি লাভ কৰিব লগীয়া ছবিখনত অলয়াই ছেঈফ আলী খান আৰু টাবুৰ জীয়েকৰ চৰিত্ৰত অভিনয় কৰিছে।

Related News