NORTHEAST NOW (Assamese)

জম্মু কাশ্মীৰত পুনৰ সেনাৰ মৃত্যু , মৃত সেনাৰ সংখ্যা ৯ জনলৈ বৃদ্ধি

October 17, 2021 11:06 am · এন ই নাও নিউজ, গুৱাহাটী

জম্মু কাশ্মীৰৰ সীমান্তৱৰ্তী জিলা পুঞ্চত অব্যাহত আছে ভাৰতীয় সেনাৰ উগ্ৰপন্থী বিৰোধী অভিযান। এই অভিযানত এতিয়ালৈকে ৯ জন সেনা জোৱানে প্ৰাণ হেৰুৱাইছে।

শুকুৰবাৰে ৰাইফলমেন বিক্ৰম সিং নেগী আৰু যোগম্বৰ সিঙৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত শনিবাৰে সন্ধিয়া মেন্ধাৰ অঞ্চলৰ নাৰ খাছ অৰণ্যত সুবেদাৰ অজয় সিং আৰু নায়েক হৰেন্দ্ৰ সিঙৰ মৃতদেহ উদ্ধাৰ হয়।

বৃহস্পতিবাৰে সন্ধিয়া বিম্বাৰ গালি-চুৰানকোট পথৰ কাষৰ ভাটা ডুৰিয়ান গাঁৱৰ ওচৰৰ অৰণ্যত উগ্ৰপন্থীৰ সৈতে ভয়ংকৰ গুলীযুদ্ধৰ পিছৰে পৰা চাৰিজন কৰ্মী সন্ধানহীন হৈ আছিল।

সেনাৰ PRO লেফটেনেণ্ট কৰ্ণেল দেৱেন্দ্ৰ আনন্দে শনিবাৰে পোৱা মৃতদেহবোৰ চুবেদাৰ অজয় সিং আৰু নায়েক হৰেন্দ্ৰ সিঙৰ বুলি চিনাক্ত কৰা হৈছে বুলি জানিবলৈ দিয়ে।

তেওঁ কয় যে নিহত সেনা জোৱান দুজন অৰণ্যত লুকাই থকা উগ্ৰপন্থী উচ্ছেদ কৰিবলৈ সুৰক্ষা বাহিনীৰ দ্বাৰা আৰম্ভ কৰা অনুসন্ধান অভিযানৰ অংশ আছিল।

তেওঁ কয়, “নিৰন্তৰ অভিযানে উগ্ৰপন্থীসকলক নিষ্ক্ৰিয় কৰি আনিছে। ভয়ংকৰ যুঁজত চুবেদাৰ অজয় সিং আৰু নায়েক হৰেন্দ্ৰ সিঙ নিহত হৈছিল আৰু শনিবাৰে সন্ধিয়া তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।”

সেনা বিষয়াসকলে জানিবলৈ দিয়ে যে অঞ্চলটোত লুকাই থকা উগ্ৰপন্থীসকল একেটা গোটৰে আৰু এই গোটটোক উচ্ছেদৰ বাবে সোমবাৰে পুঞ্চৰ চামৰেড আৰু ৰাজৌৰী জিলাৰ কাষৰীয়া পাঙ্গাইৰ অৰণ্যত নিৰাপত্তা বাহিনী নিয়োজিত কৰিছিল। দুয়োপক্ষৰ মাজত হোৱা গুলীবৰ্ষণত প্ৰথম অৱস্থাত এজন JCO আৰু চাৰিজন জোৱান নিহত হৈছিল।

শনিবাৰে সেনাই হেলিকপ্টাৰ আৰু ড্ৰোন ব্যৱহাৰ কৰি অৰণ্যত লুকাই থকা উগ্ৰপন্থীসকলক চিনাক্ত কৰিবলৈ চেষ্টা কৰিছিল।

সূত্ৰ অনুসৰি উগ্ৰপন্থীসকল পাকিস্তানৰ এটা সশস্ত্ৰ বৃহৎ গোট বুলি সন্দেহ কৰা হৈছে । যোৱা সোমবাৰৰ পৰা সেনা বাহিনীয়ে এই গোটটোৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।

Related News