NORTHEAST NOW (Assamese)
অসম

চকুৰ জটিল ৰোগত আক্ৰান্ত মাধৱ শইকীয়াক চিকিৎসাৰ বাবে প্ৰয়োজন আপোনাৰ সহায়

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা February 7, 2020 1:18 pm
চকুৰ জটিল ৰোগত আক্ৰান্ত মাধৱ শইকীয়াক চিকিৎসাৰ বাবে প্ৰয়োজন আপোনাৰ সহায়

নগাঁও জিলাৰ পুৰণিগুদামৰ চলচলি-বেঙেনাআটি গা‍ঁৱৰ বাসিন্দা মাধৱ শইকীয়াই বিগত ৬মাহ ধৰি চকুৰ এক জটিল ৰোগত আক্ৰান্ত হৈ দিক-বিদিক হেৰুৱাই পেলাইছে।

দিন হাজিৰা কৰি কোনো মতে পৰিয়াল পোহপাল দিয়া মাধৱ শইকীয়া ৬ মাহ পূৰ্বে সোঁ চকুৰ এক জটিল ৰোগত আক্ৰান্ত হৈছিল। পৰিয়ালৰ সহযোগত শইকীয়াই অসমৰ বিভিন্ন স্থানত চকুৰ চিকিৎসা কৰোৱাৰ লগতে উন্নত চিকিৎসাৰ বাবে নেপাললৈ যায় যদিও সুস্থ হৈ নুঠিল।

বহু লোকৰ ঘৰৰ দুৱাৰে-দুৱাৰে সহায় বিচাৰি হাবাথুৰি খাই ফুৰা দৰিদ্ৰ পৰিয়ালটোক বৰ্তমান উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ যাবলৈ এক বৃহৎ পৰিমানৰ অৰ্থৰ প্ৰয়োজন হৈছে। প্ৰয়োজন আপোনাৰ অকণমান সহায়ৰ।

অসমৰ ৰাইজৰ লগতে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে। কোনো লোকে সহায় কৰিব বিচাৰিলে পৰিয়ালটোক ৬০০০৬-২৯২৯৫ ফোন নম্বৰত ফোন কৰি যোগাযোগ কৰিব পাৰিব।