NORTHEAST NOW (Assamese)

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

July 19, 2025 12:27 pm · এন ই নাও নিউজ, গুৱাহাটী

কিডনিৰ সমস্যাই প্ৰাণ কাঢ়ি নিলে এগৰাকী প্ৰবীণ কৌতুকশিল্পী তথা অভিনেতাৰ। শুকুৰবাৰে হায়দৰাবাদৰ এখন চিকিৎসালয়ত দীৰ্ঘদিন ধৰি কিডনি ৰোগৰ সৈতে যুঁজ দি শেষ নিশ্বাস এৰিলে অভিনেতাগৰাকীয়ে। জানিব পৰা মতে মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৫৩ বছৰ। তেলেগু চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় নাম ফিচ ভেংকটৰ মৃত্যুত শোকৰ ছাঁ পৰিছে।

ফিচ ভেংকট বুলি জনপ্ৰিয় হ’লেও তেওঁৰ প্ৰকৃত নাম আছিল ভেংকট ৰাজ। কিছুদিন পূৰ্বে কিডনিৰ সমস্যাৰ বাবে হায়দৰাবাদৰ সেই চিকিৎসালয়ত ভৰ্তি হৈছিল। তেওঁৰ এটা কিডনি বিকল হৈ পৰিছিল। চিকিৎসালয়ৰ আই চি ইউ বিভাগত ৰখাৰ লগতে কেইদিনমানৰ ভিতৰতে কিডনী ট্ৰান্সপ্লাণ্ট কৰাৰ কথা আছিল।

চলিত মাহৰ আৰম্ভণিতে এটা সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভেংকট ৰাজৰ কন্যা শ্রাবন্তীয়ে কয় যে আন এটা ছুপাৰষ্টাৰ প্ৰভাসৰ টীমে তেওঁলোকক আৰ্থিক সাহায্য প্ৰদান কৰিছে।

তাই কৈছিল দেউতাকৰ শাৰীৰিক অৱস্থা একেবাৰে ভাল নহয়। তেওঁৰ অৱস্থা সংকটজনক হোৱাৰ বাবে তেওঁক আই চি ইউত ৰখা হৈছে। এতিয়া তেওঁৰ কিডনী ট্ৰান্সপ্লাণ্টৰ প্ৰয়োজন, যাৰ বাবে প্ৰায় ৫০ লাখ টকা খৰচ পৰিব।

প্ৰভাসৰ সহায়কসকলে শ্ৰাবন্তীৰ সৈতে যোগাযোগ কৰি আৰ্থিক সহায়ৰ আশ্বাস দিছিল। আনকি প্ৰভাসৰ টীমটোৱে ফিচ ভেংকটৰ কিডনী ট্ৰান্সপ্লাণ্ট কেতিয়া হ’ব সেইটো সঠিকভাৱে ক’বলৈও কয়।

কিন্তু পিছত যদিও ভেংকটৰ পৰিয়ালে আন এটা স্থানীয় সংবাদ মাধ্যমক জনাইছিল যে এই ফোনটো ভুৱা আছিল। আৰ্থিক সাহায্যৰ বাবে পোনপটীয়াকৈ প্ৰভাসৰ ওচৰলৈ যোৱাৰ সময়ত ভেংকটৰ পৰিয়ালে উপলব্ধি কৰিলে যে প্ৰভাসে তেনে কোনো ফোন কৰা নাই।

এজন কোনো অচিনাকি মানুহে প্ৰভাসৰ সহায়কৰ পৰিচয়েৰে ফোন কৰিছিল, প্ৰভাসে নিজেই ভেংকটৰ শাৰীৰিক অৱস্থাৰ বিষয়ে একো জনা নাছিল। ভেংকটৰ পৰিয়ালে সেই পৰ্যন্ত কোনো ধৰণৰ আৰ্থিক সাহায্য লাভ কৰা নাই বুলি জানিবলৈ দিছিল। তাৰমাজতে অভিনেতা ভেংকট ৰাজে কিডনী ট্ৰান্সপ্লাণ্টৰ পূৰ্বে এই পৃথিৱী এৰি থৈ গ’ল।

ফিচ ভেংকট মূলতঃ কমেডী অভিনয় আৰু খলনায়কৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত আৰু জনপ্ৰিয়। তেলেংগানাৰ আঞ্চলিক উচ্চাৰণত কথা কোৱাৰ বাবে চলচ্চিত্ৰ জগতত তেওঁক ‘ফিচ’ বুলি উপনাম দিয়া হৈছিল। বাণী, অধুৰস, ধী, মীৰাপকা আদি বহু জনপ্ৰিয় ছবিত কাম কৰিছে।

শেহতীয়াকৈ তেওঁক দেখা গৈছিল থ্ৰিলাৰ ছবি ‘কফি উইথ এ কিলাৰ’ত। কোভিড মহামাৰীৰ সময়ত তেওঁ জোন্নালগড্ডাৰ সৈতে ‘মা বিন্থা গধা ভিনুমা’ আৰু ‘ডিজে টিল্লু’ ধাৰাবাহিকতো অভিনয় কৰি অতিশয় প্ৰশংসা লাভ কৰিছিল।

Related News