NORTHEAST NOW (Assamese)
অসম

কেন্সাৰৰ আশংকা : জিনটেক টেবলেট বিক্ৰীত নিষেধাজ্ঞা; ঔষধ খাওতে সাৱধান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 27, 2019 3:02 pm
re_1569423490_618x347

ভোজন বিলাসী লোকসকলৰ বাবে এক সাৱধানবাণী। যিসকলে অতি ভোজনৰ বাবে হোৱা বদহজমৰ পৰা ৰক্ষা পাবলৈ হাততে পোৱাকৈ ৰাখি থোৱা জিনটেক টেবলেট এটা খাই লৈছিল, মনত ৰাখিব ই আপোনাৰ বাবে ভয়ংকৰ বিপদৰ কাৰণ হ’ব পাৰে।

সুলভভাৱে ব্যৱহাৰ হোৱা এই জিনটেক কেন্সাৰৰ দৰে জটিল ৰোগৰো কাৰণ হৈ উঠিব পাৰে।

সেয়েহে, বহুলভাৱে ব্যৱহাৰ হোৱা এই ঔষধ প্ৰস্তুতকাৰক সংস্থা GSKক জাননী দি নিষেধাজ্ঞা জাৰি কৰা হৈছে।

মূলত: পেটৰ সমস্যাৰ বাবে ব্যৱহাৰ কৰা ঔষধ হৈছে ৰেনিটিডিন। এই ৰেনিটিডিনৰ বিশ্বৰ দ্বিতীয় সৰ্বোচ্চ বিক্ৰী হোৱা ব্ৰেণ্ড হ’ল জিনটেক।

বহুলভাৱে ব্যৱহৃত এই ঔষধৰ প্ৰস্তুতকাৰক হৈছে GSK বা গ্লাক্সোস্মিথক্লাইনেৰ। মাৰ্কিন ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন বা FDAই ৰেনিটিডিন সম্পৰ্কত সতৰ্কতা জাৰি কৰিছিল।

ইয়াৰ পাছতে তামোল এখন খোৱাৰ দৰে জিনটেক টেবলেট খোৱা লোকসকলৰ আতংকিত হৈ পৰে। কেন্দ্ৰীয় চৰকাৰো সজাগ হৈ পৰে।

zntac
বহুলভাৱে ব্যৱহৃত জিনটেক টেবলেট।

কোন কোন দেশত ৰেনিটিডিন জাতীয় ঔষধ প্ৰস্তুত কৰা হয় তাৰ খবৰ লোৱা আৰম্ভ কৰে। ৰাজ্যসমূহৰ ড্ৰাগ কন্ট্ৰ’ল কৰ্তৃপক্ষসমূহক খা-খবৰ ল’বলৈ নিৰ্দেশ দিয়া হয়।

ইয়াৰ প্ৰতিবেদন লাভ কৰাৰ পাছতেই সংশ্লিষ্ট কৰ্তৃপক্ষৰ চকু কপালত উঠে। কি আছিল সেই প্ৰতিবেদনত?

প্ৰতিবেদন অনুসৰি, ৰেনিটিডিনত সামান্য পৰিমানে ৰ NDMAৰ সন্ধান পোৱা যায়। NDMAৰ পৰা কেন্সাৰ হোৱাৰ আশংকা থাকে। ইয়াৰ বাবেই জিনটেক বিক্ৰী বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ৰেনিটিডিনৰ ঔষধৰ প্ৰয়োগ দেশত বিভিন্ন ৰোগৰ লক্ষণৰ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হয় আৰু ইয়াক বিভিন্ন ফৰ্মুলাত টেবলেট আৰু ইনজেকশ্যনৰ ৰূপত পোৱা যায়।

সাধাৰণতে চিকিৎসকৰ নিদান পত্ৰ নোহোৱাকৈ এই ঔষধ কিনিব নোৱাৰি।

ভাৰতত এই ঔষধবিধৰ প্ৰস্তুতকৰ্তা কোম্পানীসমূহক শীঘ্ৰই ইয়াৰ উৎপাদন বন্ধ কৰিবলৈ কোৱা হৈছে।

ড্ৰাগ কন্ট্ৰ’লাৰৰ নিৰ্দেশ অনুসৰি চিকিৎসকলক এই দৰৱ ৰোগীক ল’বলৈ পৰামৰ্শ নিদিয়াৰ বাবে কোৱা হৈছে।