NORTHEAST NOW (Assamese)
Popular Stories

কোভিডৰ ২য় ঢৌৱে হ্ৰাস কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা : আন্তৰ্জাতিক সমীক্ষাৰ দাবী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 20, 2021 1:49 pm
PM Modi

কোভিডৰ প্ৰথমটো ঢৌত নিজকে বিশ্ব গুৰুলৈ ৰূপান্তৰ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা থকা দেশৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা ক্ৰমশঃ হ্ৰাস পাইছে। এই তথ্য পোহৰলৈ আহিছে আন্তৰ্জাতিক সংস্থাৰ সমীক্ষাত।

উল্লেখ্য যে দেশত কৰোনাৰ দ্বিতীয় ঢৌৱে স্বাস্থ্য খণ্ডৰ ফোঁপোলা স্বৰূপ প্ৰকট কৰাৰ সমান্তৰালভাৱে কোভিড পৰিস্থিতি নিয়্ন্ত্ৰণত চূড়ান্তভাৱে ব্যৰ্থ হোৱা বুলি সমগ্ৰ বিশ্বৰে ককৰ্থনা খাব লগা হৈছে বিশ্বৰ বৃহত্তম গণতন্ত্ৰ ভাৰতে।

কৰোনাৰ প্ৰথমটো ঢৌত প্ৰশংসাৰে উপচাই পেলোৱা বহু ৰাষ্ট্ৰই দ্বিতীয়টো ঢৌৰ কৰোনাৰ সংক্ৰমণৰ বাবে মোদী চৰকাৰকেই দায়ী কৰি চুপাৰ স্প্ৰেডাৰ বুলিও অভিহিত কৰা পৰিলক্ষিত হৈছে।

বিশেষকৈ দেশত কৰোনাৰ দ্বিতীয়টো ষ্ট্ৰেইন ধৰা পৰাৰ পিছতো ৰাজনৈতিক সমাৱেশ আৰু কুম্ভমেলাৰ দৰে বৃহৎ গণ সমাৱেশ আয়োজন কৰি আন্তৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ ককৰ্থনাৰ সন্মুখীন হৈছে মোদী চৰকাৰ।

ঠিক তেনে সময়তে আমেৰিকাৰ মৰ্নিং কনচাল্ট নামৰ সংস্থাটোৱে চলোৱা এক সমীক্ষাত পোহৰলৈ আহিছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা হোৰাহোৰে হ্ৰাস পাইছে।

বিশ্ব বহু ৰাষ্ট্ৰনেতাৰ জনপ্ৰিয়তা তথা উত্থান পতনৰ সমীক্ষা চলোৱা এই আন্তৰ্জাতিক সংস্থাটোৰ সমীক্ষাত ২০১৯ চনত শীৰ্ষফালে আছিল নৰেন্দ্ৰ মোদীৰ স্থান। কিন্তু মংগলবাৰে প্ৰকাশিত সংস্থাটোৰ সমীক্ষাত এইবাৰ মোদীৰ সূচাংক ২২ পইণ্ট নিম্নগামী হৈছে।

বিগত সপ্তাহত মোদীৰ সূচক হৈছে ৬৩ শতাংশ। সংস্থাটোৰ মতে ২০১৯ চনৰ পৰা এয়া হৈছে প্ৰধানমন্ত্ৰী মোদীৰ সৰ্বনিম্ন স্ক’ৰ।

ইফালে আন এটা আন্তৰ্জাতিক সংস্থাৰ সমীক্ষাৰ মতেও মোদীয়ে জনপ্ৰিয়তা হেৰুৱাইছে। ইউগভ নামৰ সংস্থাটোৰ সমীক্ষাৰ মতে মোদীৰ সপক্ষে পূৰ্বৰ ৮৯ শতাংশৰ বিপৰীতে এইবাৰৰ ৫৯ শতাংশলৈ হ্ৰাস হৈছে মোদীৰ জনপ্ৰিয়তা।

কোভিডৰ দ্বিতীয় ঢৌৰ চুপাৰ স্প্ৰেডাৰ বুলি আখ্যা লাভ কৰাৰ সমান্তৰালভাৱে অক্সিজেন, আইচিইউৰ বিচনা, ঔষধ, ভোকচিন আদিৰ যোগানত ব্যৰ্থ হোৱাৰ বাবেই মোদীৰ জনপ্ৰিয়াত হ্ৰাস হোৱা বুলি প্ৰকাশ পাইছে সমীক্ষাত।