NORTHEAST NOW (Assamese)
অসম

নাহৰকটীয়াত গ্ৰেপ্তাৰ NSCN(K)ৰ অস্ত্ৰ সৰবৰাহকাৰী

Posted by: অভিক চক্ৰৱৰ্তী Updated by: অভিক চক্ৰৱৰ্তী December 3, 2020 4:49 pm
a Screenshot_20201203

শেহতীয়াকৈ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত নিজৰ সৱল স্থিতি প্ৰমাণ কৰিবলৈ সক্ষম হোৱা NSCN(K) ৰ এজন অস্ত্ৰ সৰবৰাহকাৰী সেনাৰ জালত পৰিছে।

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত আছাম ৰাইফলছৰ এটা দলে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত নাহৰকটীয়াৰ পৰা বুধবাৰে লোক জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ধৃত লোক জনৰ নাম ছাজিদ আলী আৰু তেওঁৰ ঘৰ শিৱসাগৰ জিলাৰ নামতি চাৰিআলিত বুলি জানিব পৰা গৈছে। সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে লোক জনৰ পৰা সেনাই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে।

লোক জনে দীৰ্ঘ দিন ধৰি NSCN(K) ৰ হৈ অস্ত্ৰ সৰবৰাহ কৰি আহিছিল বুলি জনা গৈছে।ছাজিদ আলীৰ গ্ৰেপ্তাৰ সেয়ে NSCN(K) ৰ বাবে এক বৃহৎ ক্ষতি বুলি ধাৰণা কৰা হৈছে।

নাহৰকটীয়াত কোনো ব্যক্তিক আলীয়ে অস্ত্ৰ যোগান দিবলৈ অহাৰ খবৰ পোৱাৰ পিছতে সেনাই আলীক আটক কৰিবলৈ সক্ষম হয়।ডিগ্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই প্ৰকাশ কৰা মতে আটক কৰাৰ পিছত সেনাই ছাজিদ আলী নামৰ লোক জনক নাহৰকটীয়া আৰক্ষী থানাত চমজাই দিয়ে।

জানিব পৰা মতে ছাজিদ আলী নামৰ লোক জনে অসম-লাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত NSCN(K) ৰ সদস্যক নানান কূটাঘাত সংঘটিত কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণে সহায় কৰিছিল।

বাৰিষাৰ আগমণৰ পূৰ্বে বিদ্ৰোহী সংগঠনটোৱে অসমৰ একাংশ স্থানীয় লোকক ব্যৱহাৰ কৰি খাদ্য, অস্ত্ৰ , ধন আদি সংগ্ৰহ কৰি আহিছে।