NORTHEAST NOW (Assamese)
অসম

এটি কলি দুটি পাত; অসমৰ চাহৰ সোৱাদ দিবলৈ অসমীয়া যুৱকৰ প্ৰচেষ্টাত ভাৰতৰ বজাৰত উপলব্ধ হ’ল ‘উল্লা টি’

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ December 3, 2020 4:57 pm
এটি কলি দুটি পাত; অসমৰ চাহৰ সোৱাদ দিবলৈ অসমীয়া যুৱকৰ প্ৰচেষ্টাত ভাৰতৰ বজাৰত উপলব্ধ হ’ল ‘উল্লা টি’

চাহৰ জুতি লৈ ভালপোৱা লোক সকলক অসমৰ বাগানৰ চাহৰ প্ৰকৃত সোৱাদ দিয়াৰ উদ্দেশ্যে আগবাঢ়ি আহিছে টিটিএলটি ইণ্ডিয়া প্ৰা: লিমিটেড নামৰ এটি থলুৱা প্ৰতিষ্ঠান।

শিৱসাগৰৰ  যুৱক উপমন্যু বৰকাকতি,  অংশুমান ভৰালী আৰু তেওঁলোকৰ দলে বহু গৱেষণা কৰি আৱিস্কাৰ কৰিছে অসমৰ বাগনৰ কেঁচা চাহৰ পাতেৰে প্ৰস্তুত কৰা ‘উল্লা টি’ নামৰ এবিধ চাহৰ।

দুয়োগৰাকী যুৱকৰ প্ৰচেষ্ঠাত অসমৰ চাহৰ এই ক্ষুদ্ৰ প্ৰতিষ্ঠানটো গঢ়ি উঠিছে। প্ৰতিষ্ঠানটোত প্ৰায় ৫০ জন থলুৱা যুৱক যুৱতী নিয়োজিত হৈ থকাৰ লগতে বহু কেইজন ক্ষুদ্ৰ চাহ খেতিয়কো জড়িত হৈ আছে।

বৰ্তমান গ্ৰিন টি, গ্ৰিন টি তুলসী, ৱাইট টি আৰু ব্লেক টি এই চাৰিটা ফ্লেভাৰত উপলব্ধ হৈ আছে উল্লা টি।

এটা ট্ৰু ডিপচৰ দাম প্ৰায় ২৪ ৰ পৰা ২৭ টকা আৰু এটা ট্ৰু ডিপচত দুকাপ চাহ প্ৰস্তুত কৰিব পাৰে।

অন্য গ্ৰীন টিৰ দৰে গৰম পানীত চাৰি মিনিট ডুবাই ৰাখি প্ৰস্তুত কৰিব পাৰে এইবিধ চাহ।

বৰ্তমান অনলাইনৰ জড়িয়তে ট্ৰু ডিপ চাহ বিক্ৰী কৰা হৈছে। অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ গ্ৰাহকে এই চাহ ক্ৰয় কৰিছে বুলি জানিবলৈ দিয়ে উল্লা টিৰ স্বত্বাধিকাৰী উপমান্যু বৰকাকতিয়ে।

আপুনি যদিহে ট্ৰু ডিপচৰ সোৱাদ লব বিচাৰে তেন্তে www.woolahtea.com ৰ জড়িয়তে অন লাইনত অৰ্ডাৰ কৰিব পাৰে।