‘গাহৰি মেইন’ বুলি কোৱাসকললৈ দুঃখবৰ! অসমৰ এখন জিলাত গাহৰি মাংসত নিষেধাজ্ঞা; সবিশেষ
representative image
শিৱসাগৰ জিলাত পুনৰ আফ্ৰিকান ছোৱাইন ফ্লু’ৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে।বৰ্তমান শিৱসাগৰ ডিমৌ ৰাজহ চক্ৰ এলেকাত আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে। ডিমৌৰ ইকৰাণী, বকতা, বৰ দেওধাই, জাপিহজিয়াত এই ৰোগৰ প্ৰভাৱ পৰিলক্ষিত হৈছে।
আফ্ৰিকান ছোৱাইন ফিভাৰ ৰোধৰ স্বাৰ্থত জিলাখনত গাহৰি আৰু গাহৰি মাংসৰ পৰিবহন, কটা, বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। জিলা দণ্ডাধীশে এই সন্দৰ্ভত জাৰি কৰিলে নিষেধাজ্ঞা। পৰৱৰ্তী নিদেৰ্শনা নিদিয়ালৈকে এই নিষেধাজ্ঞা বাহাল থাকিব বুলি জানিব পৰা গৈছে।